newsnextone.com | নগাওঁঃ পবিত্ৰ শিক্ষাবৃত্তিত জড়িত হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদানেৰে সুনাগৰিক হিচাপে গঢ় দিয়াত ব্ৰতী হৈ থাকে৷ শিক্ষক-শিক্ষয়িত্ৰীসকলে এখন সুস্থ সমাজ গঢ়াত বহু পৰিমানে অৰিহণা যোগায়৷ আনকি ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ লোকসকলেও শিক্ষক-শিক্ষয়িত্ৰীসকলক গভীৰ শ্ৰদ্ধা জনোৱাৰ লগতে সন্মানৰ চকুৰে চায়৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াৰ কৰ্মত জড়িত থকাৰ বাবেই সমাজত এক সুকীয়া স্থান লাভ কৰি অহা এগৰাকী শিক্ষয়িত্ৰীৰ কৰ্মকাণ্ডই শেহতীয়াভাবে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজৰ মাজত চৰ্চা লাভ কৰা কৰিছে৷

জিলাখনৰ দগাঁও পহৰা আৰক্ষী চকীৰ অন্তৰ্গত তথা ধিং ৰাজহ চক্ৰৰ গৰীয়া কাৱৈমাৰীৰ জাকিয়া আহমেদ নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে পুত্ৰ জেহিৰুল আহমেদ আৰু একাংশ আত্মীয়ক সংগী হিচাপে লৈ সম্পূৰ্ণ মইমতালিৰে বটদ্ৰৱা-বলিকটীয়া সংযোগী গড়কাপ্তানী পথৰ নিজ বাসগৃহৰ সন্মুখৰ পৰা চুবুৰীলৈ সোমাই যোৱা ৰাজহুৱা পথ কিছুদিনৰ আগতে বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন হয়৷

প্ৰায় ৭০ বছৰীয়া পুৰণি পথটো এনেদৰে হঠাতে ব্যক্তিগত মুনাফাৰ বাবেই বন্ধ কৰি দিয়াত পথটোৰে অহা-যোৱা কৰা লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷ যাৰ ফলত চুবুৰীটোত বাস কৰা লোকসকলে এতিয়া বৰষুণৰ বতৰত খেতি পথাৰৰ মাজেৰে বোকা-পানী গছকি বহু দুৰ বাটকুৰি বাই বিভিন্ন স্থানলৈ যাতায়াত কৰিবলগীয়া হৈছে। ঘাইকৈ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াশালিলৈ অহা-যোৱাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়াত পৰিছে৷

উল্লেখ্য যে, ২০০৪ চনতো উক্ত গ্ৰাম্য পথটো গাঁও পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ কৰাৰ সময়তো শিক্ষয়িত্ৰীগৰাকীয়ে আত্মীয়ৰ সহযোগত পথটো বন্ধ কৰি দি নিৰ্মাণৰ কামত বাধা আৰোপ কৰিছিল যদিও পঞ্চায়তৰ প্ৰতিনিধি আৰু একাংশ সচেতন লোকৰ হেঁচাত পথটো খুলি দিবলৈ বাধ্য হৈছিল৷ কিন্তু শিক্ষয়িত্ৰীগৰাকীয়ে চৰম দাম্ভীকতাৰে পথটোৰ দুয়োকাষৰ বহুখিনি অংশ অবৈধভাবে নিজৰ চৌহদত সোমোৱাই লয়৷

ফলত পথটো আগতকৈ যথেষ্ট ঠেক হৈ পৰে। তথাপিও ৰাইজে ইয়াৰ বাবে বিশেষ আপত্তি নকৰি তেনেদৰেই ঠেক পথেৰেই অহা-যোৱা কৰি আহিছিল যদিও কিছুদিনৰ পূৰ্বে পুনৰ পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে শিক্ষয়িত্ৰীগৰাকী আৰু তেওঁৰ পুত্ৰই৷ কু-কৰ্মত বঢ়মপুৰৰ নৱম অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত জনৈক ইছলাম আৰু নগাঁৱৰ এ ডি পি কলেজত প্ৰবক্তা হিচাপে কৰ্মৰত জনৈক মান্নান উপাধিৰ দুজন আত্মীয় মাতৃ-পুত্ৰক সহযোগিতা আগবঢ়োৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷

ইফালে, পথটো মুকলি কৰি দিবৰ বাবে বহুদিনৰ পূৰ্বেই ধিং ৰাজহ চক্ৰৰ  চক্ৰ বিষয়া আৰু দগাঁও পহৰা আৰক্ষী চকীত চুবুৰীটোৰ ভুক্তভোগী লোকসকলে পৃথকে পৃথকে লিখিতভাবে জনায় যদিও চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দগাঁও আৰক্ষী বিষয়টোত কোনো গুৰুত্বই প্ৰদান নকৰিলে৷ ফলস্বৰূপে ভুক্তভোগী ৰাইজে জিলা উপায়ুক্তক উপায়হীন হৈ পথটো শীঘ্ৰে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ শেহতীয়াভাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ৷