newsnextone.com | গোৰেশ্বৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰবাসীয়ে দীৰ্ঘদিনে এটা অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাই অহাৰ অন্তত বুধবাৰে অগ্নি নিৰ্বাপক কেন্দ্ৰ মুকলি কৰে ৰাজ্যৰ চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই৷ গোৰেশ্বৰবাসীয়ে অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপনৰ হোৱাৰ পিছতে দীৰ্ঘদিনৰ এটা সমস্যা সমাধান হ'ল বুলি কয়। গোৰেশ্বৰ আৰক্ষী থানা চৌহদত স্থাপন কৰা অগ্নি আৰু আপাদকালীন সেৱা কেন্দ্ৰটো জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই মুকলি কৰে৷

সভাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু অগ্নি আৰু আপাদকালীন সেৱা অসমৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তই উপস্থিত থাকি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই গোৰেশ্বৰত শিবিৰটো স্থাপন কৰাৰ ক্ষেত্রত সক্ৰিয় ভূমিকা পালন কৰা বুলি কয়৷ তেওঁ কয় যে সমগ্ৰ অসমত ১২৪টা অগ্নি আৰু আপাদকালীন কেন্দ্ৰ আছে। বৰ্তমানে ২৭ টা ডাঙৰ গৃহৰ কাম অগ্নি নিৰ্বাপক সেৱাৰ বাবে চলি আছে। এই সেৱাৰ সৈতে জড়িত লোকসকলে বহু প্ৰত্যাহ্বান নেওচি কাম কৰিব লগা হয় সেয়ে শিবিৰৰ মানুহখিনিৰ প্ৰতি ৰাইজক সহযোগিতাৰ মনোবৃত্তি ৰাখিবলৈ আহ্বান জনায়। 

তেওঁ আৰু কয় যে কেৱল অগ্নি নিৰ্বাপনেই নহয় বানাপানী, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ আদিত ৰাইজলৈ সেৱা আগবঢ়াব এই শিবিৰটোৱে। সভাত ভাষণ প্ৰদান কৰি বাক্সা জিলা আৰক্ষী অধীক্ষক বিনয় কলিতাই বহুদিনীয়া এটা অভাৱ পূৰণ হোৱাত চৰকাৰক তথা মন্ত্ৰী ভৱেশ কলিতাৰ শলাগ লয়। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয় যে বিটিচি চৰকাৰৰ পৰা এই শিবিৰটোত স্থায়ী কেন্দ্ৰ হিচাপে স্থাপন কৰিবলৈ গোৰেশ্বৰ ত্ৰিশ খন বিচনাযুক্ত চিকিৎসালয়ৰ সমীপত ডেৰ বিঘা মাটি ইতিমধ্যে আৱণ্টন দিয়া হৈছে। তেওঁ শিবিৰ স্থাপন কৰাত ক্ষেত্ৰত মন্ত্ৰী ভৱেশ কলিতাৰ শলাগ লয়। 

অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই এই শিবিৰটো ৰাইজলৈ উচৰ্গা কৰি কয় যে গোৰেশ্বৰবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যত এতিয়া উন্নয়নমূলক কামে ক্ষীপ্ৰতা লাভ কৰিছে। অনাগত দিনত বাটপথকে ধৰি কোষাগাৰ স্থাপন, ন্যায়িক আদালত স্থাপনৰ বাবেও তেওঁ মনোনিৱেশ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।