বাহাকাবাৰীঃ নগাঁও জিলাৰ অন্তৰ্গত ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ নামত স্থাপন কৰা টিউৱেলসমূহ সম্প্ৰতি বগাহাতীলৈ পৰিণত হৈছে ৷ ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰা এই টিউৱেলসমূহে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগানৰ নামত  ফ্ল’ৰাইডযুক্ত পানী যোগান ধৰাৰ বাবে ৰাইজে ইয়াৰ পানী ব্যৱহাৰ কৰিবলৈ এৰি দিয়ে৷

ফলত একাংশ টিউবৱেল বহু বছৰৰ পৰাই পৰিত্যক্ত অৱস্থাত আছে ।  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৰুত্বহীনতাৰ বাবেই আঁচনিসমূহৰ সফল ৰূপায়ন হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি খাল, পুখুৰী, নৈ আদিৰ পানীকে সেৱন কৰি আহিছে অঞ্চলটোৰ ৰাইজে।

পথৰ দাঁতিত নাইবা কোনো ব্যক্তিৰ ঘৰৰ বাৰীত স্থাপন কৰা এই টিউৱেলসমূহত অতি নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি কম গভীৰতাত স্থাপন কৰাৰ বাবেই এনে হ'বলৈ পালে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। সৰহ সংখ্যক টিউৱেলৰ পানী ৰঙচুৱা, তেলেতীয়া তথা দুৰ্গন্ধময় হোৱা বুলি ভূক্তভোগী ৰাইজে অভিযোগ  কৰি বিভাগীয় কতৃপক্ষই এই টিউৱেলসমূহ মেৰামতি কৰি দিলে ৰাইজ উপকৃত হ’ব বুলিও মন্তব্য কৰে ৷

 টিউৱেলসমূহ মেৰামতিৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে উন্নয়নৰ নামত কোনো পদক্ষেপ হাতত নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।