ৰঙিয়াঃ ৰঙিয়া মহকুমাৰ বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ শান্তিৰাম কলিতা আৰু যুগমায়া কলিতা সোৱৰণী ফুটবলত ফাইনেলত সত্যকাম সংঘ৷

দেওবাৰে অনুষ্ঠিত দ্বিতীয় ছেমিফাইনেলত অংশ গ্ৰহণ কৰে চামতা আৰু ঢোলকুছি সত্যকাম সংঘই। উত্তেজনাপুৰ্ণ খেলখনত সত্যকাম সংঘই ১-০ গলত চামতাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

১৪ অক্টোবৰত চুড়ান্ত খেল খন অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিয়ে।