নগাঁওঃ ৰাজ্যবাসীয়ে ১৭ অনূৰ্ধৰ ফুটবল বিশ্বকাপৰ উন্মাদনাত ব্যস্ত হৈ থকাৰ সময়তেই উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া অনুৰাগীৰ বাবে সু-খবৰ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব অন্যতম পুৰণি তথা আগশাৰীৰ সৰ্বভাৰতীয় ফুটবল প্ৰতিযোগিতা ‘‘স্বাধীনতা দিৱস কাপ’’ ফুটবল৷ ৬৯তম বৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ফুটবল প্ৰতিযোগিতাখনি নগাঁও জিলা ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

বৃহস্পতিবাৰে দুখনকৈ খেল অনুষ্ঠিত হ’ব৷ প্ৰথম খন খেলত গোৱালপাৰাৰ ধূপধৰা ফুটবল একাডেমীয়ে নগাঁও ফুটবল একাদশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে আনখন খেলত মৰাণ টাউন ক্লাবে গোসাঁইগাঁৱৰ জি বি ফুটবল ক্লাবৰ বিৰুদ্ধ অৱতীৰ্ণ হব৷ 

প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন ফুটবল দলৰ লগতে বহি ৰাজ্যৰ কেইবাটাও আগশাৰীৰ ফুটবল ক্লাবে অংশগ্ৰহনৰ কৰিব বুলি উদ্যোক্তা সকলে জানিব দিয়ে ৷