খেৰণিঃ সমগ্ৰ বিশ্বই দেওবাৰে ধৰিত্ৰী দিৱস পালন কৰে৷ প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কে বিশ্বজুৰি সচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিবছৰে ২২ এপ্ৰিলত সমগ্ৰ বিশ্বতে পালন কৰা হয় ধৰিত্ৰী দিৱস। অসমতো বিভিন্ন প্ৰান্তত উদযাপিত হৈছে এই দিৱস। কাৰ্বি পাহাৰৰ খেৰণিত বন বিভাগ ৰাজহুৱা সভা অনুষ্ঠিত কৰি ধৰিত্ৰী দিৱস পালন কৰে। সমাজসেৱক ক্লেন্দুন টেৰণৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্বয়ং বন বিষয়া চন্দ্ৰ ছিং তিচ্ছ, চিকিৎসক ডা০ জয়ধন তিমুং, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেনছিং বে’, সমাজসেৱক ধনছিং ডেৰা, বুলেশ্বৰ ইংহি, ধনিৰাম ইংতি, বাবুচনা বৰবৰাকে ধৰি বিভিন্ন গাঁৱৰ মুৰব্বী, গাওঁবুঢ়া উপস্থিত থাকে। 

সভাত সকলো জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষ্ষেত্ৰত গভীৰ চিন্তা ব্যক্ত কৰা হয়। প্ৰাচীন কালৰে পৰা আজিলৈকে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা জাতি-জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে ঈশ্বৰক পূজা অৰ্চনা কৰিবলৈ বিভিন্ন গছ-গছনিৰ পাত, ফুল অথবা ফল আদি ব্যৱহাৰ কৰি আহিছে আৰু এনেবোৰ পূজা উৎসৱ আদিৰে নিজৰ আধ্যাত্মিক বাতাৱৰণ, পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে অসমীয়া সমাজে। 

কিন্তু কালক্ৰমত পূজা অৰ্চনাৰ প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত, বৈজ্ঞানিক দৃষ্টিভংগী আৰু আধুনিকতাৰ প্ৰভাৱত উত্তৰ পূৰ্বাঞ্চলত থকা জাতি-জনগোষ্ঠীৰ যি পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি সেয়া হয়তো কিছু সলনি হ’ব পৰিছে। আজিৰ সমাজ ব্যৱস্থাই যদি সঁচাকৈয়ে এই বিষয়টোক লৈ চিন্তা নকৰে তেনেহলে এদিন আমাৰ স্বাভিমান দেখুৱাব পৰা ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি সকলো এইখন পৃথিৱীৰ পৰা হেৰাই যাব পাৰে বুলি আজিৰ সভাত উপস্থিত হোৱা সচেতনমহলে উপলব্ধি কৰে। 

ফলত বিষয়টোক লৈ সচেতনমহলে সবিস্তাৰে আলোচনা আৰু চিন্তাচৰ্চা কৰি পূজা অৰ্চনাত ব্যৱহৃত গছ আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ বৃক্ষ ৰোপন কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰে। বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূজা অৰ্চনাত আম, বেল, আঁহত আদি গছৰ পাত বা চন্দন আদি ব্যৱহাৰ কৰাৰ দৰে কাৰ্বি আংলঙৰ কাৰ্বি জনগোষ্ঠীৰ লোকেও কাৰ্বি স্বৰগ পূজাত ফংৰং (কেস্তানপছিছ ইণ্ডিকা) গছৰ পাত ব্যৱহাৰ কৰে আৰু এই পাত অবিহনে সম্পন্ন নহয় কাৰ্বিসকলৰ স্বৰগ পূজা। 

কিন্তু এই গছ ক্ৰমান্বয়ে কাৰ্বি আংলঙৰ বুকুৰ পৰা হেৰাই যোৱাৰ দিশে গতি কৰিছে। সেয়ে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি খেৰণি বন বিভাগে কাৰ্বি আংলঙত বসবাস কৰা অন্যান্য জাতিৰ লগতে কাৰ্বি জনগোষ্ঠীৰ লোকে পূজা অৰ্চনাত ব্যৱহাৰ কৰা কাৰ্বি ভাষাৰে পৰিচিত বিভিন্ন প্ৰজাতিৰ গছ যেনে চৰলেং, বনচেলে, মিৰতাকছু, লৰো, লৰপ, ফংৰং, ঠেংমু, চিৰিচ', বেংৱৈ, ঠেংছ, আৰনাম বিক্ৰন, আৰ্হি, মিৰ্ভহি আদি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে৷