প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ধুবুৰীঃ বিটিএডিৰ ১নং পৰ্বতঝোৰাত বন বিভাগে অভিযান চলাই আজি জব্দ কৰিলে কাঠমিল৷ ১নং পৰ্বতঝোৰাৰ বালাপাৰাত বন বিভাগৰ খোৰাঘাট বনাঞ্চলিক কাৰ্যালয়ে অভিযান চলাই জব্দকৰে কাঠ ফলা মিলটো৷

খোৰাঘাট বালাপাৰাত দীৰ্ঘদিন ধৰি চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠফালা মিল বহুৱাই অবৈধভাবে বনাঞ্চল ধ্বংসকৰি আহিছে৷ আজি এক গোপন সুত্ৰৰ পমখেদি খোৰাঘাট বনাঞ্চলিকৰ ৰেঞ্জাৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে অভিযান চলাই কাঠসহ অবৈধ মিল জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে চোৰাং কাঠ ব্যৱসায়ীক ধৰিবলৈ সক্ষম নহ’ল বন বিভাগে৷