চাবুৱাঃ চাবুৱাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান৷ অভিযানত অবৈধ কাঠৰ লগতে কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ বন বিভাগক পৰিবৰ্তনৰ কৰাৰ ন’ ন’ প্ৰতিশ্ৰুতি দিলেও প্ৰতিশ্ৰুতি পুৰণ কৰাত যেন সম্পুৰ্ণ ব্যৰ্থ হোৱা বুলি বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বন বিভাগে এই অভিযান চলাই৷

তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক হাৰত চলিছে চোৰাং কাঠৰ ব্যৱসায় চলি থকাৰ বাতৰি newsnextone.comত ধাৰাবাহিক ভাৱে প্ৰকাশ পোৱাৰ পিছতে বন বিভাগে বহু ঠাইত কাঠ ফলা মিলসমূহ বন্ধ কৰিবলৈ বাধ্য হোৱাৰ লগতে শুকুৰবাৰে চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত বগৰীতলিয়া অঞ্চলত ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাংকাঠ আৰু বহুকেইটা কাঠমিল জব্দ কৰে৷