newsnextone.coml পশ্চিম নলবাৰীঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী বয়ন জোতি আচঁনিৰ অধিনত আবণ্টিত বৃহৎ পৰিমানৰ সূতা কম্বল সময়মতে দুখীয়া হিতাধিকাৰীৰ মাজত বিতৰণ নকৰাৰ ফলত বিভাগৰ গুডামতে উৱলি যোৱাৰ উপক্ৰম হৈছে।

জানিব পৰা মতে, ২০১৫-১৬ বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্রীৰ বয়ন জোতি আঁচনিৰ অধীনত নলবাৰী সমষ্টিৰ বাবে আবণ্টিত ১২,১৬৭খন কম্বল আৰু ৫,৯১৬ ধোপ সূতা বিতৰণ নকৰাকৈয়ে উৱলি যোৱা পৰিলক্ষিত হৈছে। বস্ত্র শিল্প বিভাগৰ নলবাৰী সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ গুডামতে পৰিত্যাক্ত অৱস্থাত আছে সমষ্টিটোৰ নামত আবন্টিত সূতা-কম্বল, আৰু তাতঁ শিল্প।

বিভাগৰ এক সুত্রৰ পৰা জানিব পৰামতে, জিলা খনৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্রী চন্ৰমোহণ পাটোৱাৰী আৰু বৰক্ষেত্রী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই সমষ্টিৰ হিতাধিকাৰীৰ তালিকাত অনুমোদন দি জিলা পৰ্যায়ৰ কমিটী খনলৈ প্ৰেৰণ কৰে। পিছত জিলা পৰ্যায়ৰ কমিটী খনে চুড়ান্ত কৰে যদিও আজিলৈ বিতৰণ কৰা নহল উৱলি যোৱা  সূতা-কম্বল ।
এতিয়া ৰাইজৰ প্ৰশ্ন, আবন্টিত হোৱাৰ পাছতো কিয় ইমান দিনে বিতৰন কৰা নাছিল সুতা-কম্বল?