newsnextone.com | কামপুৰঃ শনিবাৰে যোগান বিভাগে অভিযান চলাই নগাঁৱৰ ৰহা চেঙাজানত অবৈধ ভাবে মজুত ৰখা ২৪টা চিলিণ্ডাৰ আৰু ১০টা গেছৰ চৌকা জব্দ কৰিবলৈ সক্ষম হয়। 

গোপন সূত্ৰৰ পম খেদি যোগান বিভাগে চেঙাজানৰ নজৰুল হক নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত বাসগৃহৰ পৰা জব্দ কৰিবলৈ সমূহ চিলিণ্ডাৰ সমূহ ৷ চিলিণ্ডাৰ সমূহ প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনাৰ বুলি থিৰাং কৰে যোগান বিভাগে। 

দীৰ্ঘ দিন ধৰি সংযোগ সমূহ কলা বজাৰত বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰিছিল যোগান বিভাগে। ননৈ ভাৰত গেছ এজেন্সিৰ পৰা অনা চিলিণ্ডাৰ সমূহ হিতাধিকাৰীক বঞ্চিত কৰি চোৰাং ভাৱে বিক্ৰী কৰিবলৈ মজুত ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে যোগান বিভাগে। পৰিয়ালটোৱে উজ্জলা যোজনাৰ ১০টা সংযোগ লাভ কৰা বুলি কব খোজে।