কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা গ্ৰাম স্বৰাজ অভিযানৰ অধিনত শুকুৰবাৰে উজ্জ্বলা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰজুৰি দুখীয়া মহিলা হিতাধিকাৰীক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰা হয়৷ কোকৰাঝাৰ জিলাৰ বিভিন্ন গাঁও অঞ্চলতো উক্ত আঁচনিৰ আধাৰতে ৰন্ধন গেছ বিতৰণ কৰিলে গল্ডটাছ গেছ বিতৰকে।

কোকৰাঝাৰ ওৱাবাৰীত উক্ত আঁচনিৰ আধাৰত দুখীয়া শ্ৰেণীৰ মহিলা হিতাধীকাৰীক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা সভাত স্থানীয় প্ৰতিনিধি তথা বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, আইঅচি এলৰ নডেল বিষয়া বিকাশ মহন্ত, বিপিএফৰ মহিলা নেত্ৰী মালতী ৰাণী ব্ৰহ্ম, বিটিচিৰ যোগান বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া যতীন বসুমতাৰী আদিকে ধৰি কেবাগৰাকী বিভাগীয় বিষয়া-কৰ্মী উপস্থিত থাকে। 

গল্ডটাছ গেছ এজেন্সীৰ বিষয়া ববিতা ব্ৰহ্মৰ সভাপতিত্বত আয়োজিত সভাত দনেশ্বৰ গয়াৰী আৰু মালতী ৰাণী ব্ৰহ্মই বিজেপি চৰকাৰৰ এই ন আঁচনিৰ বিষয়ে হিতাধীকাৰীক অৱগত কৰে। ইপিনে জিলা নডেল বিষয়া বিকাশ মহন্তই সংবাদ মাধ্যমৰ আগত উজ্জ্বলা দিৱসৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ মুঠ দহখন গাঁৱৰ দহ সহস্ৰাধিক হিতাধীকাৰীলৈ বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয় বুলি সদৰি কৰে। উক্ত আঁচনিৰ আধাৰতে অহা ৫ মে’ৰ ভিতৰত ৰন্ধন গেছ বিতৰণ কৰি কোকৰাঝাৰৰ ১৯৩ গাঁও স্মকলেছ অৰ্থাৎ ধোঁৱাবিহীন কৰাৰ সংকল্প লোৱা বুলিও প্ৰকাশ কৰে জিলা নডেল বিষয়া বিকাশ মহন্তই।