গোলাঘাটঃ যি সময়ত অসমৰ যুৱক-যুৱতীসকলে ৰাজ্যৰ বাহিৰত ৩-৪ হাজাৰ টকাৰ বিনিময়ত আলধৰা লগুৱা হ’বলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছে ঠিক তেনে সময়তে গোলাঘাটৰ যুৱক লোকেন তামুলীয়ে অসমীয়া যুৱক-যুৱতী সকলৰ বাবে এক আদৰ্শ হৈ জিলিকি উঠিছে আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে৷ লোকেন তামুলীৰ এটা গ্ৰুপ আছে সূৰুযমুখী ৷ এই সুৰুযমুখীৰ জৰিয়তে লৈ তেওঁ ৰাইজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সেৱা আগবঢ়োৱাৰ উপৰিও নিবনুৱা সকলক সংস্থাপন দিবলৈ সক্ষম হৈছে।

সম্পুৰ্ন পেছাদাৰী ভাৱে লোকেন তামুলীৰ সুৰুযমুখীৰ কোম্পানীয়ে যিকোনো গ্ৰাহকৰ প্ৰায় দৰকাৰ হোৱা সকলোবিলাক কাম-কাজেই অতি কম খৰছত আৰু সহজতে কৰিব পৰা ব্যৱস্থা কৰি দিয়ে৷ গ্ৰাহকক দৰকাৰ হোৱা ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি পানীৰ পাইপ ফিটিং কৰা, বিজুলীৰ কাম বা ঘৰ এখনত দৰকাৰ হোৱা যিকোনো কামৰ বাবেই উপযুক্ত  প্ৰশিক্ষিত মানুহৰ যোগান ধৰে এই কোম্পানীটোৱে৷ খুমটাইৰ অসমীয়া ডেকা ল'ৰা লোকেন তামুলীয়ে মাত্ৰ ২৩ বছৰ বয়সতে সূৰুযমুখী  নামেৰে এটা ব্যতিক্ৰমী কোম্পানী প্ৰতিষ্ঠা কৰি সমগ্ৰ গোলাঘাট জিলাতে চমক দিবলৈ  সক্ষম হৈছে ৷  

দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাটৰ ছাত্ৰ লোকেন তামুলীয়ে বহিঃ ৰাজ্যত বিভিন্ন কোম্পানীৰ চাকৰি ত্যাগ কৰি অসমলৈ ঘূৰি অহা এচাম যুৱকক  নিজা অঞ্চলতে সুৰুযমুখী কোম্পানীৰ জৰিয়তে বিভিন্ন জনৰ ঘৰত যেনে, জংঘল পৰিস্কাৰ, নলা পৰিস্কাৰ, ৰঙৰ কাম, পানী পাইপৰ সংযোগ, শৌচাগাৰ, টেংকি, ক'মোড পৰিস্কাৰ, চি চি টি ভি সংযোগ, বৈদ্যুতিক সংযোগ ইত্যাদি কামবিলাকৰ যোগেদি ৰাইজৰ উপকাৰ সাধন কৰাৰ লগতে তেওঁৰ কোম্পানীৰ লগত জড়িত  শ্ৰমিক সকলৰো পেটৰ ভাত মোকলাইছে ৷ লোকেন তামূলীৰ কোম্পানীৰ বৈশিষ্ট্য এনেধৰণৰ বিশ্বাসযোগ্য কৰ্মী, কৰ্মীৰ যোগান খৰতকীয়া আৰু তুলনামূলকভাৱে কম খৰছত কাম সম্পন্ন কৰা ৷

লোকেন তামূলীৰ চিন্তাধাৰা আৰু তেওঁৰ কোম্পানীক গোলাঘাট কমাৰবন্ধাৰ টুকুৰা খবৰে সন্মান জনোৱাৰ লগতে আৰু দহজন অসমীয়া ডেকা ল'ৰা লোকেন তামুলীৰ দৰে সৃষ্টি হওঁক তাৰেই কামনা কৰিলোঁ। লোকেন তামুলীৰ ফোন নম্বৰ +৯১৮৩৯৯৮৭৩৯৯৬