newsnextone.com।কাজিৰঙাঃ বোকাখাতৰ লতাবাৰীত সোমবাৰে মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছে এটা মৃতদেহ। লতাবাৰীৰ কালিকালগা নাথুজানত উদ্ধাৰ হ'ল অচিনাক্ত পুৰুষৰ মৃতদেহটো।

সোমবাৰে দিনৰ ভাগত স্থানীয়  মাছমৰীয়াই জাল বাই থকা নাথুজানত জাল টানি থকাৰ অৱস্থাত জালত লাগি আহে এটা পুৰুষৰ মৃতদেহ। মৃতদেহটোৰ শৰীৰৰ ওপৰৰ অংশ উদং আৰু তলত লংপেণ্ট পৰিহিত। বৰ্তমানেলৈকে মৃতদেহটোৰ পৰিচয় ওলোৱা নাই।