newsnextone.com | গোৰেশ্বৰঃ ১৯৭৪ চনত কেইগৰাকীমান মানুহৰ নেতৃত্বত ভৱিষ্যৎ প্ৰজন্মক শিক্ষাৰ পোহৰ দিবলৈ প্ৰতিষ্ঠা কৰা এখন শিক্ষানুষ্ঠান৷ যিখন শিক্ষানুষ্ঠানত প্ৰতিষ্ঠা কৰাৰ বাবে কপালৰ ঘাম মাটিত পেলাইছিল বৃহৎ এটা অঞ্চলৰ ৰাইজে৷ কোনোবাই বাঁহ দিছিল, কোনোবাই কাঠ আৰু কোনোবাই নগদ ধন দি প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ ধ্বংস হোৱাত হায়ৰান হৈ পৰিছে এটা অঞ্চলৰ ৰাইজে৷ 

চকুৰ সন্মুখতে ধ্বংস শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি একাংশ লোকে কেৱল ধন ঘটাৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কাৰৰ ব্যাপক অভিযোগ উত্থাপন হৈছে৷ একাংশ লোকে পাঠদানৰ নামত অৱসৰ বিনোদনৰ প্ৰথাহে চলিব ধৰিছে বুলি কব খোজে৷ আন একাংশ লোকে এটি অঞ্চলৰ আৱেগক প্ৰতিদিনে ইতিকিং কৰি যোৱাৰো অভিযোগ উত্থাপন হৈছে৷ 

হয়, গোৰেশ্বৰ মহাবিদ্যালয়ৰে কথা কৈছো৷ গোৰেশ্বৰ মহাবিদ্যালয়ৰ হতাশাজনক ফলাফলে চিন্তিত কৰিছে সচেতন মহলক। বাক্সা জিলাৰ উচ্চ শিক্ষাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাৰ হতাশজনক ফলাফলেও চিন্তিত কৰি তুলিছে সচেতনমহলক। 

বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি কলা শাখাত অৱতীৰ্ণ মুঠ ২৯৬গৰাকী পৰীক্ষাৰ্থীৰ মাত্ৰ ২৭ জনে আৰু বাণিজ্য শাখাত মুঠ ৩৯ গৰাকীৰ বিপৰীতে উত্তীৰ্ণ হয় মাত্ৰ ১৪গৰাকী পৰীক্ষাৰ্থী মহাবিদ্যালয় খনৰ পৰা উত্তীৰ্ণ হয়৷ কলা শাখাত দ্বিতীয় বিভাগত এজন আৰু তৃতীয় বিভাগত ২৬ জনে উত্তীৰ্ণ হয়। 

বাণিজ্য শাখাত দ্বিতীয় বিভাগত ১ জন আৰু তৃতীয় বিভাগত ১৩ জনে উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ কলাত ৯ শতাংশ আৰু বাণিজ্যত ৩৫ শতাংশ মাত্ৰ। প্ৰথম বিভাগ নাপালে এজনো ছাত্ৰ-ছাত্ৰীয়ে। এখন পূৰ্ণাংগ মহাবিদ্যালয়ত নিম্নগামী ফলাফলে সঁচাকৈয়ে ভবাই তুলিছে গোৰেশ্বৰ অঞ্চলৰ সচেতন মহলক। 

উল্লেখ্য যে বিগত তিনি-চাৰিবছৰ ধৰি একেবাৰে ফলাফল নিম্নগামী হোৱা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ গোৰেশ্বৰত ছচিয়েল মিডিয়াত সৰৱ চৰ্চা চলা দেখা যায়। এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক একাংশই জগৰীয়া কৰিব বিচাৰিছে। আনহাতে মহাবিদ্যালয়ত খনৰ শৈক্ষিক দিশত এক অৰাজকতা পৰিবেশ চলি থকা বুলি অভিযোগ উত্থাপন কৰে৷

মহাবিদ্যালয়খনৰ ফলাফলক লৈ দুটা পক্ষৰ মাজত বোকা ছটিওৱা দেখা গৈছে যদিও প্ৰকৃত কাৰণ বিচাৰ নকৰি একাংশই ছচিয়েল মিডিয়াত অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাক সমালোচনাৰে থকা সৰকা কৰা দেখা গৈছে। প্ৰাপ্ত তথ্য মতে ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা ষথেষ্ঠ কম হোৱাত পাঠদানত বিসংগতিয়ে দেখা দিছে বুলি কব খোজে। আনহাতে শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ একেবাৰে নগণ্য হোৱাৰ বাবেও এনে পৰিবেশ বোৱা বুলিও কব খোজে৷

প্ৰায় ২৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাথো ৩০-৩৫ জন ছাত্ৰ ছাত্ৰীয়েহে শ্ৰেণী উপস্থিত থাকে যদিও উপস্থিতিৰ শতকৰা হাৰ নোচোৱাকৈ প্ৰায়ে সকলোৱে পৰীক্ষাত বহিব দিয়াৰবাবেই এনে ধৰণৰ ফলাফল হোৱা বুলি কব খোজে একাংশ লোকে৷ মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগসমূহে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তথ্য জমা দিলেও মহাবিদ্যালয়খনৰ কাৰ্যালয়ে বিভাগৰ তথ্যক অৱজ্ঞা কৰি সকলোকে পৰীক্ষাৰ বাবে আৱেদন কৰিব দিয়াত এনে পৰিবেশৰ সৃষ্টি হোৱা বুলি কয়৷

মহাবিদ্যালয়খনত কেতিয়াবাই পান্সিং মেচিন ব্যৱস্থা কৰা হৈছে যদিও বহু শিক্ষকে পান্সিং মেচিন ব্যৱহাৰ নকৰি নিজৰ ইচ্ছামতে মহাবিদ্যালয়খনলৈ আহি পাঠদান কৰে। ছাত্ৰ-ছাত্ৰীয়েও বাৰ বা এক বজাতে গুচি গ'লেও ক'বলৈ নাথাকে কোনো প্ৰশাসন। মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়েও কোনো প্ৰকাৰে এই পৰিস্থিতিৰ মেকাবিলা কৰিব পৰা নাই। মন কৰিবলগীয়া যে উচ্চতৰ মাধ্যমিকত একেবাৰে দুৰ্বল ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত ফেইল কৰি দিবলৈ ব্যৱস্থা আছে যদিও বিভিন্ন কাৰণত নম্বৰ ধৰি দি হ'লেও পাচ কৰাই দিয়া হয় বুলি জানিব পৰা গৈছে। 

বহু সময়ত বিভাগসমূহক মহাবিদ্যালয় কাৰ্যালয়টোৱে যেতিয়াই তেতিয়াই শৈক্ষিক দিশতো হেঁচা প্ৰদান কৰাৰ লগতে অধ্যক্ষকো নমনা এক পৰিস্থিতি চলি আছে বুলিও অভিযোগ উত্থাপিত হৈছে। অৱশ্যে বিগত বৰ্ষত স্নাতকত বিভিন্ন বিভাগত মুঠ ৫৮ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকত একেবাৰে শোচনীয় ফলাফল হৈছে। মুঠৰ ওপৰত শৈক্ষিক দিশত একেবাৰে পিছপৰি ৰোৱা গোৰেশ্বৰ মহাবিদ্যালয়ৰ এনেবোৰ পৰিস্থিতৰ বাবে সচেতন মহলে ৰাজহুৱা সভা অনুষ্ঠিত কৰি শৈক্ষিক দিশ টনকিয়াল কৰিবলৈ আহ্বান জনাইছে মহাবিদ্যালয় কৰ্তৃপক্ষক।