newsnextone| গোৰেশ্বৰঃ ৰাইজক আভুঁৱা ভাৰা বিজেপিয়ে ২০১৯ত আচ্ছে দিনৰ শ্লো গান দিব নোৱাৰে। তেতিয়া তেওঁলোকে জয়ী হ'বলৈ হিন্দু - হিন্দু শ্লো গান দিব লাগিব। এই মন্তব্য এছএফআইৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক তথা গণশক্তি কাকতৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ। ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ ১৬ সংখ্যক অসম ৰাজ্যিক সন্মিলন উপলক্ষে আয়োজিত আজিৰ মুকলি সমাৱেশত এনেদৰে কয় তালুকদাৰে। তেওঁ আৰু কয় যে অসমৰ শিক্ষাৰ বাবে সৰ্বানন্দ সোনোৱাল চৰকাৰে যিজন দক্ষ মন্ত্ৰীক শিক্ষা বিভাগৰ দায়িত্ব দিছিল তেওঁক দুবছৰতে শিক্ষা বিভাগৰ পৰা বিদায় দিব লগা হ'ল। ৰাজ্যত শিক্ষা প্ৰচাৰৰ কাম ৰাইজে কৰিছে, ৰাইজে বিদ্যালয়, কলেজ পাতিছে, বিজ্ঞান শাখা খুলি ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰিব লগা হৈছে। কিন্তু এচামে এতিয়াও ভেঞ্চাৰ শিক্ষানুষ্ঠানত কাম কৰিব লগা হৈছে। ১০৮ আৰু ১০২ আৰম্ভ কৰাৰ সময়ত স্বাস্থ্যমন্ত্ৰীয়ে ডাঙৰ কথা কৈছিল কিন্তু এতিয়া দৰমহা নোপোৱা কৰ্মচাৰী সকলৰ সৈতে আলোচনাত নবহো বুলি কোৱা কথাটো সম্পূৰ্ণ আইন বিৰোধী কথা। 

মুকলি সমাৱেশৰ সভাপতিত্ব কৰে অসম ৰাজ্যিক এছ এফ আই সম্পাদক কাশ্যপ চৌধুৰীয়ে। সভাৰ উদ্দেশ্য বাখ্যা কৰে অসম ৰাজ্যিক এছএফআইৰ সম্পাদক নিৰংকুশ নাথে। নাথে গোৰেশ্বৰ সুশমা বিশ্বাসৰ দৰে পূণ্য শ্বহীদ ভূমি, গৌৰাংগ পালৰ ঐতিহ্য ভূমিত এই সমাবেশ অনুষ্ঠিত হোৱাতো অতি গুৰুত্বপূৰ্ণ বুলি কয়। অভ্যৰ্থনা সমিতিৰ সম্পাদক বিৰাজ ডেকাই আদৰণি ভাষণ প্ৰদান কৰে। সমাৱেশত এছএফআইৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক নবাৰুণ দেৱে কয় যে - দেশত আৰু ধৰ্ম-জাতিৰ নামত আমি আৰু মানুহক ভাগ-ভাগ কৰিবলৈ নিদিও শাসকসকলক। যিদৰে বংগ বিচ্ছেদ কৰা হৈছে তেনেকৈ আৰু মানুহক ভাগ কৰিব নিদিও। সভাত ভাষণ প্ৰদান কৰি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি বিজুকৃষ্ণণে কয় যে - বিজেপি চৰকাৰৰ দিনত দিনক দিনে হৈ থকা  সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে। বিজেপিয়ে নোট বন্দী কৰিছিল যদিও এতিয়া তাৰ প্ৰকৃত তথ্য প্ৰকাশ পাইছে যে সেয়া দুৰ্নীতি বন্ধ কৰাৰা এটা অজুহাতহে আছিল। ২০১৯ত মোদী চৰকাৰক আতৰাবলৈ সকলো খিনি কৰিবলৈ এক পৰিৱেশ তৈয়াৰ কৰি তুলিব বুলিও মন্তব্য কৰে বিজুকৃষ্ণণে।

অসম ৰাজ্যিক এছএলআইৰ যুটীয়া সম্পাদিকা সংগীতা দাসে নিজৰ ভাষণত কয় যে এছএআইৰ আন্দোলনৰ ফলতে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ষান্মাসিক পদ্ধতিৰ আসোঁৱাহ সমূহ দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ সকলো প্ৰান্ততে কুসংস্কাৰ, শৈক্ষিক সমস্যা, লিংগ বৈষম্যৰ সমস্যা বাট -পথ সমাধানৰ বাবে  এছএফআয়ে আন্দোলন চলাই যাব। প্ৰগতিৰ সপোন দেখিলেহে ৰূপান্তৰ সম্ভৱ বুলি কয় সংগীতা দাসে। শেহতীয়াকৈ অভ্যৰ্থনা সমিতিৰ সভাপতি অজিত তালুকদাৰ আৰু কেবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতা উপস্থিত থাকে  উক্ত সভাত। ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ ৰাজ্যিক সন্মিলন তিনিদিনীয়াকৈ আজি ১৫ পৰা ১৭ চেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব গোৰেশ্বৰত।