newsnextone.com | গৰৈমাৰিঃকামৰূপ জিলাৰ গৰৈমাৰিত নৈৰ পাৰত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা পথাৰ গাঁৱত সংঘটিত হৈছে এই কাণ্ড। পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নৈত গা-ধুবলৈ যোৱাৰ সময়ত এগৰাকী যুৱকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰe মতে, ছাত্ৰীগৰাকীয়ে অইন দিনাৰ দৰে শনিবাৰে ঘৰৰ সমীপৰ নৈত গা ধুব যোৱাৰ সময়তে নৈৰ পাৰত উপস্থিত হয় কেইমানজন যুৱক। তাৰে এজন যুৱকে কিশোৰীগৰাকীক অনৈতিক কাৰ্যত লিপ্ত হ'বলৈ প্ৰস্তাৱ দিয়ে। কিশোৰীয়ে প্ৰস্তাৱ গ্ৰহণ নকৰাত মাৰধৰ কৰাই নহয় নৈৰ পাৰত চোচোৰাই আহত কৰে। তাৰ পিছতে কিশোৰীক নৈৰ পাৰৰ পৰা চোচোৰাই আনি এটা ঘৰত আবদ্ধ কৰি ধৰ্ষণৰ চেষ্টা চলায়। কিশোৰীয়ে হৈ-হাল্লা কৰাত এৰি দিবলৈ বাধ্য হয়। অনৈতিক কাৰ্যত লিপ্ত  হ'বলৈ ৰাজি নোহোৱাত নিৰ্যাতন চলোৱাৰ ঘটনাক গাপ দিব বিচৰাৰ অভিযোগ উত্থাপন হয়। কিশোৰীৰ পৰিয়ালক ভাবুকি দি ঘটনাক গাপ দিয়াৰ চেষ্টা চলিছে বুলি জানিব পৰা গৈছে।

কিশোৰীগৰাকীৰ পৰিয়ালে জোৰশিমুলী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ ইফালে কিশোৰী নিৰ্যাতনকাৰী দলটোৱে নিজৰ দোষ ঢাকিবলৈ নিজৰ ঘৰৰ বেৰ আৰু ভঁড়ালৰ ধান, আচবাব পত্ৰ লণ্ড ভণ্ড কৰি ওলোটাই কিশোৰীগৰাকীৰ পৰিয়ালক দোষী সাব্যস্ত কৰাৰ অপচেষ্টা চলাই থকা বুলি কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। কিশোৰীগৰাকী মৃত্যুৰ সৈতে যুঁজ দি থকা বুলি জানিব পাৰ গৈছে। ঘটনাই গৰৈমাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।