নলবাৰীঃ বটলৰ পানী কিনি খোৱা মন্ত্ৰী, বিধায়ক, বিষয়াই গাঁৱৰ লোকৰ খোৱা পানীৰ সমস্যাৰ কথা বুজিবলৈ সময় লাগে৷ কিয়নো তেওলোকে প্ৰায়ে বটলৰ সেৱন কৰে৷ এই অভিযোগ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হোৱা বালা-মুগকুছিৰ ৰাইজৰ৷ নলবাৰী জিলাৰ বাহঁজানীৰ সকলো দিশতে পিছ পৰি থকা বালা-মুগকুছিৰ ৰাইজক বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুগকুছিস্থিত পানী যোগান আঁচনিয়ে এটুপিও পানী যোগান ধৰিব নোৱাৰিলে৷

যাৰ ফলত ক্ষোভিত ৰাইজে মন্ত্ৰী-বিধায়ক, বিষয়াই বটলৰ পানী খাই বুলি ক্ষোভ উজাৰে৷ কেবাবছৰ পুৰ্বে বালা-মুগকুছিত চমক সৃষ্টিৰ বাবে পুৰ্বৰ চৰকাৰে পানী যোগানৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও সেয়াও ভেকোভাওনাত পৰিণত হয়৷ গাঁৱৰ বহু ঠাইত পানী যোগানৰ বাবে টেপ বহুৱাই ৰাম ঠগন দিয়ে জনস্বাস্থ্য্ কাৰিকৰি বিভাগে৷ কেৱল ঠিকাদাৰৰ স্বাৰ্থত স্থাপন কৰা পানী যোগান আঁচনিয়ে আজিলে পানী দিব পৰা নাই৷ ৮০ৰ দশকত অঞ্চলটোৰ ৰাইজৰ বিশুদ্ধ খোৱা পানী যোগান বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে মুগকুছিত খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছিল৷

আৰম্ভণিত কিছু দিন বিশুদ্ধ খোৱা পানী যোগান ধৰিছিল আঁচনি খনে। তাৰ পিছৰে পৰা তথা ৮০ৰ দশকৰ পৰাই আজিলৈকে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাইজে। ৮০ দশকত মুগকুছি গাঁৱত স্থাপন কৰা পানী যোগান আঁচনিৰ বাবে যাবতীয় আন্তঃগাঁঠনি সম্পূৰ্ণ কৰি তোলা হৈছিল৷ কিন্তু মুগকুছি গাঁৱৰ লোকৰ সন্মুখতে দেখ-দেখকৈ পানী যোগান আঁচনিখন বিকল হৈ পৰে। পানী যোগানৰ বাবে স্থাপন কৰা টেংকি, পাম্প হাউজ, নলা, টেপ আদি ব্যৱহাৰ নোহোৱাত ক্ৰমান্বয়ে মামৰে ধৰি ভাঙি-ছিঙি যাব ধৰিছে।

বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনিটোৰ অচলাৱস্থাৰ বাবে একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম অৱহেলা আৰু ঠিকাদাৰৰ অকৰ্মন্যতাই দায়ী বুলি অভিযোগ উত্থাপন কৰে বালা-মুগকুছিৰ ৰাইজে৷ বিভগীয় একাংশ দুৰ্ণীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বাবে খিৰতী গাইত পৰিনত হৈছে বিকল কেন্দ্ৰটো৷ কিয়নো মেৰামতিৰ বাবে বছৰি টকা মোকলাই আনে যদিও সেই টকা মেৰামতিৰ কামত ব্যৱহৃত হোৱাৰ বিপৰীতে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ জেপত সোমায়।

ফলত বিগত ২০ বছৰৰ অধিক সময় অঞ্চলবাসী ৰাইজে পানী যোগান কেন্দ্ৰটোৰ পৰা এটোপাল বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰায় ডেৰ কোটি টকা ব্যয় কৰি আটক ধুনীয়াকৈ পাম্পিং ষ্টেছন ঠিকাদাৰত হতুৱাই নিৰ্মাণ কৰিছে যদিও ষ্টেছনটো আজিলৈ কাৰ্যক্ষম হৈ উঠা নাই। নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলিও স্থানীয় ৰাইজৰ অভিযোগ উত্থাপন কৰে। ইপিনে দুই দশকৰ অধিক সময় ধৰি পানী যোগান নধৰা আঁচনিৰ অধিনৰ বিভাগীয় কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰাকৈয়ে ঘৰতে বহি দৰমহা খাই আছে।

কেৱল বালা-মুগকুছিৰ পানী যোগান আঁচনিয়ে নহয় জিলাখনৰ ৯৫ শতাংশ পানী যোগান আঁচনিয়ে এতিয়া বিকল৷ বিজেপি চৰকাৰ অহাৰ পিছত পৰিবৰ্তন আহিব বুলি আশা প্ৰকাশ কৰিছিল যদিও বাস্তৱত তেনে নহ’ল। বৰঞ্চ নতুন চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনি বোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো ঘটি আছে বিয়াগোম কেলেংকাৰী। আনহাতে স্বচ্ছ ভাৰত অভিযানৰ নামত শৌচাগাৰ নিৰ্মাণৰ কাম জিলাখনত একাধিক ঠিকাদাৰে কৰি আছে যদিও উক্ত শৌচাগাৰ সমূহ প্ৰাক কলন মতে নোহোৱাৰ অভিযোগ উঠিছে।