গুজৰাটঃ দলিত নেতা জীগনেছ মেৱানি আৰু অবিচি নেতা অল্পেশ ঠাকুৰে গুজৰাট নিৰ্বাচনত অৱশেষত শেষ হাঁহি মাৰে৷ গুজৰাটৰ ভাদগাম সমষ্টিৰ পৰা নিৰ্দলীয়া হিচাপে থিয় হৈ জীগনেছ মেৱানীয়ে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে অল্পেশ ঠাকুৰে কংগ্ৰেছৰ পৰা টিকট লৈ ৰাধানপুৰ সমষ্টিৰ পৰা বিজয়ী হয়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ বিধান সভা নিৰ্বাচনত ৰাজনীতিৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰাৰ সময়তে জাতীয় সমীকৰণ তথা জনগোষ্ঠী সমূহক তুষ্টি কৰণৰ ৰাজনীতি আৰম্ভ কৰিছিল বিজেপি আৰু কংগ্ৰেছে৷ কংগ্ৰেছে-বিজেপিয়ে ব্যাপক প্ৰচাৰ চলাই পাটেল, দলিত আৰু অবিচি সম্প্ৰদায়ৰ একাংশ নেতাক নিজ নিজ দলত দলত যিয়ে যেনেকৈ পাৰে যোগদান কৰুৱাইছিল৷

তাৰ মাজতে ২১ অক্টোবৰত অ’বিচি নেতা অল্পেশ ঠাকুৰে দিল্লীলৈ আহি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি কংগ্ৰেছ দলত যোগাদান কৰাৰ ঘোষণা কৰিছিল৷ গুজৰাটৰ প্ৰভাৱশালী তথা জনপ্ৰিয় অ’বিচি নেতাই দিল্লীত আহি ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতে ব্যাপক চৰ্চা আৰম্ভ হৈছিল গুজৰাটৰ ৰাজনীতিক লৈ৷ অ’বিচি সম্প্ৰদায়ৰ যুৱ নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগ দি অল্পেশে গুজৰাটৰ বনচকান্তা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আছিল যদিও ৰাধানপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি বিজয়ী হয়৷ 

দুয়োনেতাই দলিতক অত্যাচাৰ কৰাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰাৰ লগতে দলিত আৰু অবিচিৰ হৈ প্ৰতিবাদ কৰি আহিছিল।