newsnextone.com।বিহালীঃ অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত পৰিচালিত গুণোত্সৱ-অসম, ২০১৮ দ্বিতীয় বৰ্ষৰ প্রস্ততি আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত অন্তভূক্ত হোৱা বিশ্বনাথ জিলাৰ ৯৭২ খন প্রাথমিক আৰু উচ্চ প্রাথমিক, ৯০ খন উচ্চ আৰু উচ্চতৰ আৰু ৪২ খন চাহ বাগান অধীনৰ বিদ্যালয়ত গুণোত্সৱৰ প্রস্ততি ইতিমধ্যে আৰম্ভ হৈছে।

জিলা খনৰ ছয়দুৱা, বিহালী, বিশ্বনাথ, নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ ৮২ টা মণ্ডল সমল কেন্দ্রত যোৱা ২৪ আৰু ২৫ তাৰিখত ৩৭৭২ গৰাকী শিক্ষয়ত্ৰীক মণ্ডল পৰ্যায়ত এদিনীয়া গুণোত্সৱৰ সন্দৰ্ভত প্রশিক্ষণ দিয়া হয়। গুণোত্সৱৰ সমন্বয়ৰক্ষী বিষয়া আৰু মণ্ডল সমল কেন্দ্রৰ সমন্বয়ক সকলে প্রদান কৰা প্রশিক্ষণ সমূহত বিগত বৰ্ষত হৈ যোৱা গুণোত্সৱ আৰু এই বৰ্ষৰ বাবে লগা গুণোত্সৱৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে গুণোত্সৱৰ বিভিন্ন কাৰিকৰী দিশত আলোকপাত কৰাৰ ওপৰিও বিদ্যালয় পৰ্যায়ত লবলগা প্রস্ততি সন্দৰ্ভত বহল ভাৱে ব্যাখ্যা কৰা হয়।

প্রতিখন বিদ্যালয়ে যাতে এ+ (প্লাছ) হয় তাৰ বাবে প্রশিক্ষণৰ পাছৰ দিনৰ পৰাই কাম কৰিবলৈ শিক্ষক সকলে সংকল্প লয়। মণ্ডল পৰ্যায়ত অনুষ্ঠিত প্রশিক্ষণ সমূহ খণ্ড মিছন সমন্বয়ক সকলে পৰ্যবেক্ষণ কৰাৰ লগতে বিশ্বনাথ জিলাৰ সৰ্বশিক্ষা জিলা আঁচনি বিষয়া সকলে প্রশিক্ষণ সমূহত উপস্থিত থাকি শিক্ষক সকলক গুণোত্সৱৰ তাপৰ্য্য ব্যাখ্যা কৰি শিশু সকলক গুণগত ভাৱে শিক্ষিত কৰিবলৈ শিক্ষক সমাজক আহ্বান জনায়।