newsnextone.com হাইলাকান্দিঃ অসম চৰকাৰে ৰাজ্যৰ দ্ৰুত উন্নয়নৰ বাবে কাম কৰি যোৱা বুলি সময়ে সময়ে সভা-সমিতিয়ে উল্লেখ কৰি গৈছে৷ চৰাকৰে দ্ৰুত উন্নয়নৰ কথা উল্লেখ কৰিলেও দেখা যায় যে চৰকাৰী আঁচনিৰ কাম বিভিন্ন সময়ত সম্পূৰ্ণ হৈ উঠা দেখা নাযায়৷ যাৰ বাবে চৰকাৰ যে ব্যৰ্থ হয় তাৰ প্ৰমাণ পোৱা যায় এনে ধৰণৰ আধৰুৱা কাম সমূহৰ জৰিয়তে৷ সমগ্ৰ ৰাজ্যত বহু আঁচনি আজিও আধৰুৱা হৈ থকা দেখা যায়৷ ৰাজ্যৰ বিভিন্ন এলেকৰ লগতো বৰাক উপত্যকাৰ হাইলাকান্দিৰ জিলাত বিভিন্ন আঁচনিৰ কাম আজিও আধৰুৱা হৈ থকা দেখা গৈছে৷   

হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন আঁচনিৰ কাম আধৰুৱা কৰি ৰখা পৰিলক্ষিত হৈছে৷ সমগ্ৰ জিলাত ২০১৫-১৬ বৰ্ষৰ উন্নয়নৰ কামেই আজিও আধৰুৱা হৈ আছে৷ নতুন আঁচনিৰ কাম কৰাটো দুৰৰ কথা৷  

কাটলিছৰা বিধান সভা সমষ্টিৰ ২০১৫-১৬ বৰ্ষত বহু আঁচনি সম্পূৰ্ণ নোহোৱাকৈ পৰি ৰৈছে৷ এমএছডিপি আঁচনিৰ এতিয়ালৈ ৯৯ লাখ ৬৪ হাজাৰ টকা আৱণ্টন দিয়া হৈছে আৰু ৪৪ লাখ ৮৩ হাজাৰ ৮০০ টকা মুকলি কৰা হৈছে৷ যিসমূহ টকা মুকলি কৰা হৈছে সেই টকাৰে কৰা আঁচনিৰ কাম আজিলৈ সম্পূৰ্ণ হোৱা নাই৷ দক্ষিণ হাইলাকান্দি জিলাৰ কেইবাটাও আঁচনিৰ দৃশ্যই ইয়াকে প্ৰতিপন্ন কৰিছে৷ অসম্পূৰ্ণ আঁচনিৰ দৃশ্য সমূহে চৰকাৰে যে আঁচনি ঘোষণা আৰু আধাৰশিলা স্থাপনতে ব্যস্ত সেই কথাই প্ৰমাণ কৰে৷

জানিব পৰা মতে, হাইলাকান্দি জিলাৰ কিল্লাৰবাক স্বাস্থ্য কেন্দ্ৰ, ঝাৰলচাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দাৰিয়াঘাট স্বাস্থ্য কেন্দ্ৰ, পালইছড়া স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণকে ধৰি বহু আঁচনিৰ গৃহ নিৰ্মাণৰ কাম আধৰুৱা হৈ আছে৷ চৰকাৰে প্ৰথম কিস্তিৰ টকা আদায় দিছে যদিও দ্বিতীয় কিস্তিৰ টকা মুকলি নকৰাৰ বাবেই এনেদৰে আধৰুৱা হৈ ৰয় আঁচনি সমূহ৷ ৰাইজে সময়মতে আঁচনিৰ কাম সমূহ সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰ, বিধায়ক, প্ৰশাসনক দাবী জনায়৷