তেজপুৰঃ পুনৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হৈ ৭গৰাকী লোকৰ মৃত্যুৰ খবৰ আহিছে৷ ৫গৰাকী বায়ুসেনাৰ আৰু দুগৰাকী ভাৰতীয় সেনাৰ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ চীন সীমান্তৰ টাৱাঁৰ পৰা উৰা মৰাৰ পিছতে ক্ৰেছ হয় হেলিকপ্টাৰ খন৷ টাইমছ অৱ ইণ্ডিয়াৰ খবৰ মতে, ৰাছিয়াই বিগত বৰ্ষত তিনি খন এম আই-১৭ ভি-৫ মিলিটাৰি ট্ৰেন্সপোৰ্ট হেলিকপ্টাৰ ভাৰতক চুক্তি মতে প্ৰদান কৰিছিল৷

Rosoboronexport, Rostec State Corporation নামৰ সংস্থাটোৱে নিৰ্মাণ কৰিছিল হেলিকপ্টাৰ৷ হেলিকপ্টাৰ সমূহত অন্যতম প্ৰযুক্তি সংযোগ হৈ আছে৷ তথপিও বাৰে বাৰে ভাৰতত দুৰ্ঘটনাত পতিত হৈ আহিছে এই হেলিকপ্টাৰ৷ ২০১৩ চনত উত্তৰ খণ্ডৰ বান পানীৰ সময়তো উদ্ধাৰ অভিযানত ব্যৱহৃত এম আই-১৭ ভি-৫ হেলিকপ্টাক ক্ৰেছ হৈ কেবাজনো লোকে প্ৰাণ হেৰুৱাইছিল৷

শুকুৰবাৰে পুৱা প্ৰায় ৬বজাত এম আই-১৭ ভি-৫ হেলিকপ্টাৰ অৰুণাচলৰ পৰা উৰণ আৰম্ভ কৰাৰ পিছতে দু দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে। ফলত ৭জন লোক নিহত হোৱাৰ খবৰ প্ৰকাশ হৈছে।

এই দুৰ্ঘটনা অৰুনাচলৰ টাৱাঙত সংঘটিত হৈছে। হেলিকপ্টাৰ খন দৈনিক অনুশীলনৰ অৱস্থাৰ পৰা সন্ধান হোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ পিছত কপাৰ বক্স অৰুনাচলৰ কিমি অঞ্চলত উদ্ধাৰ হয়। টাৱাঙৰ পৰা ১৩০ কিঃ মিঃ নিলগৰ জংগ চাকোলৰ ওৱাচিনত বুলি সন্ধান লাভ কৰিছে বায়ু সেনাবাহিনীয়ে। বায়ুসেনা বাহিনী আৰু সেনা বাহিনীৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।