নগাঁওঃ অসম চৰকাৰে বিধান সভাৰ মজিয়াত ঘোষণা কৰা ২০১৯-২০ বৰ্ষৰ বাজেটত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ১৫৫ কোটি টকা ধাৰ্য কৰাৰ খবৰে বৃহত্তৰ বটদ্ৰৱাবাসীক উৎফুল্লিত কৰি তুলিছে৷ অসম চৰকাৰৰ এই পদক্ষেপক এক ঐতিহাসিক তথা বাস্তৱ ভৱিষ্য দৰ্শন সন্নিবিষ্ট বিষয় বুলি অভিহিত কৰিছে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে, সদনৰ মজিয়াত ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাজেট ঘোষণাৰ পিছৰে পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত সৃষ্টি হৈছে ব্যাপক আনন্দ-উল্লাসৰ পৰিবেশ। বিত্তমন্ত্ৰী ড° শৰ্মাৰ ঘোষণাৰ পিছতে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি অসম চৰকাৰৰ এই ঘোষণাক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। 

সংবাদ মেল যোগে থানৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই গুৰুজনাৰ জন্মস্থানৰ উন্নয়নৰ বাবে গ্ৰহন কৰা পদক্ষেপৰ শলাগ লয়। সংবাদ মেলত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই বাজেটত সুকীয়াকৈ গুৰু জনাৰ জন্মস্থানৰ উন্নয়নৰ তথা বিশ্বৰ ধৰ্মীয় পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্তিৰ বাবে ধন ধাৰ্য কৰা বিষয়ক আদৰণি জনোৱাৰ উপৰিও অসম চৰকাৰে গ্ৰহণ কৰা এই ঐতিহাসিক পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। 

লগতে সংবাদ মেলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কল্যাণ কলিতা, দীপক চন্দ্ৰ কৰ আৰু অমৃত বৰুৱাও উপস্থিত থাকে। সম্প্ৰতি অসম চৰকাৰৰ বাজেট ঘোষণাৰ পিছৰে পৰাই বটদ্ৰৱা অঞ্চলত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপক বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে আদৰণি জনোৱাৰ লগতে শীঘ্ৰে এই ঘোষণাৰ বাস্তৱ ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছে।