গুৱাহাটীঃ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হত্যা কৰিব স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ এই তথ্য পোহৰলৈ অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰিছে আৰক্ষীয়ে৷

ধৃত লোকজনক কামৰূপ জিলাৰ হাজোৰ দদৰাৰ ফকৰুদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে৷ তেওঁৰ সৈতে পৱন আলী নামৰ আন এজন লোকো জড়িত থকা বুলি জানিব পৰা গৈছে৷ ইফালে এই লোক দুজনে কংগ্ৰেছৰ চাৰিগৰাকীকৈ প্ৰভাৱশালী নেতালৈ এছ এম এছ প্ৰেৰণ কৰা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্যৰ৷

বিশেষকৈ দুয়োজন লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হোৱালৈ চাই একাংশ লোকে সমগ্ৰ ঘটনাটোৰ অন্য এটা দিশ থকা বুলি মন্তব্য কৰা দেখা গৈছে৷

উল্লেখ্য যে যোৱা ৫ ডিচেম্বৰত ফকৰুদ্দিন নামৰ লোকজনে তেওঁৰ মোবাইল নম্বৰৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰছেৰ সভাপতি ৰিপুণ বৰা আৰু কংগ্ৰেছ নেতা দুলু আহমেদক মেছেজযোগে জনাইছিল যে ৫ কোটি টকা দিলে তেওঁ হিমন্তক হত্যা কৰিবলৈ সাজু আছে৷

এই মেছেজ পোৱা মাত্ৰকে স্ত্ৰীণশ্বটসহ আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুলে। পিছত আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ আজি দুয়োজনকে জালত পেলাবলৈ সমৰ্থ হয়। সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত শুকুৰবাৰে ৰকিবুল হুছেইনে কয় যে মেছেজটো পোৱাৰ পিছতে তেওঁ আৰক্ষীক অৱগত কৰিছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও ৪২ বৰ্ষীয় জিএমচিএইছৰ কৰ্মচাৰীজনে কিয় কি কাৰণত এনেদৰে কংগ্ৰেছ নেতাকেইজনলৈ মেছেজ প্ৰেৰণ কৰিছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই৷