বটদ্ৰৱাঃ বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা বিধান সভা সমষ্টি ভ্ৰমণ কৰে৷ দলীয়া সভাত অংশ লোৱাৰ লগতে স্থনীয় বিধায়িকা আঙুৰলতা ডেকাক লগত লৈ কেইবাটাও অনুষ্ঠান পৰিদৰ্শন কৰে৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত উপস্থিত হৈ ঐতিহাসিক কীৰ্তণ ঘৰত সেৱা জনায় আৰ্শীষ গ্ৰহন লয় হিমন্তই৷ দিনৰ প্ৰায় ২ বজাত বটদ্ৰৱাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জাতীয় সাজ পৰিধান কৰি গুৰুজনাৰ স্মৃতি বিজড়িত পূণ্যস্থান সমূহ দৰ্শণ কৰি অভিভূত হৈ পৰে৷

পূণ্যধাম বটদ্ৰৱাৰ উন্নয়ন আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কৃপনালি নকৰে বুলি কয় মন্ত্ৰী হিমন্তই৷ আকাশীগংগাৰ তীৰৰ পৰ্যটন নিবাসত বিভিন্ন বিভাগৰ বিষয়াসকলে সতে মন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাৰ উন্নয়ন সম্পৰ্কত আলোচনাত মিলিত হয়৷ বটদ্ৰৱা থান দৰ্শণৰ সময়ত থান পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে৷

গুৰুত্বৰভাৱে অসুস্থ বটদ্ৰৱা শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ চিৰকুমাৰ, ৯২ বছৰীয়া সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি পৰমানন্দ দেৱ মহন্তৰ স্বাস্থ্য বুজ লবলৈ ক্ষন্তেকৰ বাবে স্বাস্থ্য মন্ত্ৰীগৰাকী সত্ৰাধিকাৰ চ'ৰাত সোমাব বুলি ৰাইজে আশা কৰিছিল যদিও মন্ত্ৰীগৰাকীয়ে খবৰ নোলোৱাত ৰাইজে আক্ষেপ প্ৰকাশ কৰা কৰে৷