ফাইল ফটো
ফাইল ফটো

কোকৰাঝাৰঃ দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ গৃহৰক্ষী জোৱানসকল৷ অসম চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰি আহিছে যদিও কম টকাত বৰ্দ্ধিত হাৰত দৰমহা গৃহৰক্ষী জোৱানসকলে দায়িত্ব পালন কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও দৰমহা বৃদ্ধিৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে জোৱানসকলে৷

ৰাজ্যখনত কৰ্মৰত ২৬,৬৬২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে গৃহৰক্ষী সকলক মাহেকত মাথো ৭,৫০০ টকাহে আদায় দিয়াত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ৷ এক বিবৃতি যোগে সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো গৃহৰক্ষীসকলৰ দৰমহা বৃদ্ধি নকৰাত গৃহৰক্ষী জোৱানসকলৰ পৰিয়াল পোহপাল দিয়াত কঠিন হৈ পৰা বুলি কয়৷

সন্থাই অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰংবাৰ আৱেদন-নিৱেদন কৰি অহাৰ পিছতো গৃহৰক্ষীসকলৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি ক্ষোভ ব্যক্ত কৰে৷ সেয়ে চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যখনত কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত জোৱানসকলৰ দৰমহা বৃদ্ধি কৰাৰ ব্যৱস্থা নকৰিলে ধাৰাবাহিকভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হ’ব বুলি হুংকাৰ দিয়ে সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে৷

একেদৰে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ প্ৰতিখন থানা আৰু আন আন উদ্যোগ-প্ৰতিষ্ঠান সমূহত কৰ্মৰত গৃহৰক্ষী জোৱান সকলে কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতি যোগে চৰকাৰক অৱগত কৰে সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে।