ডিফুঃ সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱা ৰাহুল গান্ধীক কাৰ্বি আংলং জিলা কংগ্ৰেছে মানৱ শৃংখল কাৰ্যসূচীৰ জড়িয়তে শুভেচ্ছা জ্ঞাপন কৰে৷ জিলা কংগ্ৰেছৰ ডিফুস্থিত মুখ্য কাৰ্যালয়ত জিলা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত সোমবাৰে দিনৰ ১১ বজাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি ৰাহুল গান্ধীৰ সবল নেতৃত্বত জাতি গঠন প্ৰক্ৰিয়াক অধিক দৃঢ় হোৱাৰ লগতে দলটোক শক্তিশালী ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে নেতাসকলে৷

মানৱ শৃংখল কাৰ্যসূচীত প্ৰাক্তন এমএচি তথা জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰাণ কুমাৰ দত্ত, প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেং, প্ৰাক্তন এমএচি অশোক টেৰণ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দ্ৰচিং টেৰণ আৰু সুৰেন্দ্ৰ চিংনাৰ, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাচাং তেৰাংপী, সংসদীয় যুৱ কংগ্ৰেছৰ সভাপতি ৰুকাছেন ইংলেঙ আৰু লুম্বাজং ব্লক কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত কাৰ্যালয়ৰ বিষয়া-কৰ্মী সকল অংশ গ্ৰহণ কৰে৷

মানৱ শৃংখল কাৰ্যসূচী বোকাজান, নিলিপ, ৰংমংৱে, লাংচ' মেপী, হাওৰাঘাট আৰু চামেলাংছ' ব্লক কংগ্ৰেছৰ নিজ নিজ কাৰ্যালয়ত ৰূপায়ণ কৰে বুলি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংগঠনিক আৰু প্ৰচাৰ বিভাগৰ সাধাৰণ সম্পাদক বিদ্যাচিং ৰংপিয়ে এক বিবৃতি যোগা জানিবলৈ দিয়ে৷