newsnextone.com | মৰীয়নীঃ দেওবাৰে সন্ধিয়া মৰিয়নী নিউ সোণোৱাল দিচৈ ভেলি অঞ্চলত আৰক্ষীয়ে বৃহত্ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্পল দত্তৰ নেতৃত্বত এটি আৰক্ষী দলে  সীমান্ত নিৰাপত্তাৰক্ষী বাহিনীৰ সহযোগত দিচৈ ভেলী অভয়াৰণ্যৰ কাষতে এই সুৰা খিনি জব্দ কৰে। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কেইবালক্ষাধিক টকা মূল্যৰ সুৰা খিনি সেই অঞ্চলত মজুত কৰি নগালেণ্ডলৈ নিবলৈ যো-জা চলাই থকাৰ সময়তে আৰক্ষীয়ে সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সুৰা খিনি প্ৰথম অৱস্থাত জব্দ কৰি নিজৰ জিম্মাত মৰিয়নী আৰক্ষী চক্ৰলৈ লৈ আহে৷ পাচত সকলো নীতি নিয়ম অনুযায়ী আবকাৰী বিভাগক গতাই দিয়ে৷ 

উল্লেখ্য যে, অসমৰ পৰা বৃহৎ পৰিমাণে এই বিলাতী সুৰা চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ নিতৌ চোৰাংভাৱে চৰকাৰী কৰ ফাকি দি ৰপ্তানি কৰি থকা বুলি বাতৰি প্ৰকাশ হৈ আহিছে। বিশেষকৈ অসমত অৰুণাচলৰ বাবে বিশেষ ভাৱে পঠোৱা সুৰাৰ এক গোপন আৰু চোৰাং ব্যৱসায় এক দুষ্ট চক্ৰই চলাই আহিছে৷ তাৰ মাজতে মৰিয়নী আৰক্ষীয়ে জব্দ কৰা এই সুৰা সমূহ মৰিয়নী আৰক্ষীৰ এক বৃহৎ সাফল্যতা বুলি ধৰা হৈছে।