চাবুৱাঃ বন বিভাগক পৰিবৰ্তনৰ কৰাৰ ন’ ন’ প্ৰতিশ্ৰুতি দিলেও প্ৰতিশ্ৰুতি পুৰণ কৰাত যেন সম্পুৰ্ণ ব্যৰ্থ হৈছে বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম৷ বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই চোৰাং কাঠ ব্যৱসায়-চিকাৰীৰ বিৰুদ্ধে হুংকাৰ দিলেও চোৰাং কাঠৰ ব্যৱসায়ীয়ে সেই হুংকাৰত কেৰেপ কৰা নাই৷ যাৰ ফলত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক হাৰত চলিছে চোৰাং কাঠৰ ব্যৱসায়৷

বন বিভাগৰ চকুৰ সন্মুখতে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ newsnextone.comত জিলা দুখনত ধাৰাবাহিক ভাৱে চোৰাং কাঠৰ ব্যৱসায় চলাৰ বাতৰি প্ৰকাশ পোৱাত বন বিভাগে বহু ঠাইত কাঠ ফলা মিলসমূহ বন্ধ কৰিবলৈ বাধ্য হৈছিল। কিছুদিন চোৰাং কাঠৰ সৰবৰাহ বন্ধ হৈ আছিল যদিও পুনৰ চোৰাং কাঠৰ ব্যৱসায় আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰহ্মপুত্ৰৰ বুকুৰে দিনে-নিশাই সৰবৰাহ হৈ আছে চোৰাং কাঠৰ চালি। জানিব পৰা মতে, একাংশ কুখ্যাত চোৰাং কাঠ মাফিয়াই অৰুণাচল প্ৰদেশৰ লগতে বহু অঞ্চলৰ মূল্যৱান গছসমূহ কাটি চোৰাং কাঠৰ সৰবৰাহ পুনৰ আৰম্ভ কৰিছে। ডিব্ৰু চৌখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ লোকৰ চকুৰ সন্মুখেৰে কাঠৰ চালি সমূহ নৈৰ বুকুৰে সৰবৰাহ হৈ আহিছে৷

সকলোবিলাক দেখি শুনিও নিমাত বন বিভাগ৷ কেইটামান কাঠৰ মিল বন্ধ কৰিয়েই দায়িত্ব সামৰিলে বন বিভাগে৷ সংবাদমাধ্যমৰ চকুত ধূলি মাৰিব খোজাৰ বাতৰি newsnextone.comত প্ৰকাশ পোৱাৰ পিছতেই বহুতো দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে৷ তথাপিও বন বিভাগৰলোকৰ গা-নলৰিল। newsnextone.comৰ অভিযানত আৱদ্ধ হ’ল চোৰাং কাঠৰ কুণ্ডাৰ ছালি ব্ৰহ্মপুত্ৰ নদী আৰু আৰু ডিব্ৰু নৈৰ বুকুৰে কাঠৰ ভূৰ সাজি মেচিন নাৱেৰে সৰবৰাহ কৰাৰ দৃশ্য।