newsnextone.com | বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ দেশৰ  লগতে বিশ্বনাথৰ বিহালীৰ বিভিন্ন প্ৰান্তত ৭২ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ড, জিনজিয়া আৰক্ষী থানা, বিহালী সমষ্টি যুৱ কংগ্ৰেছ, বাঘমৰা ব্লক কংগ্ৰেছৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন কৰা হয়। 

বিহালী সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত মোনাবাৰী চাহ বাগিছাৰ লাহৰিজানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জুৰ উপস্থিতিতিত সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰাই পতাকা উত্তোলন কৰে।

দ্বীপজ্যোতি বৰাক সহযোগ কৰে বিশ্বনাথ মহিলা কংগ্ৰেছৰ সভানেত্ৰী  সৰস্বতী ৰাজবংশী, কংগ্ৰেছৰ সংখ্যালঘূ কোষৰ নেতা  ফাৰহাদ আহমেদ, যুৱ কংগ্ৰেছৰ বিশ্বনাথ জিলা সমিতিৰ উপ সভাপতি মনোজ গৌতমে। 

ইফালে, বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত কটোৱালৰ নেতৃত্বত গেলাপুখুৰীত স্বাধীনতা দিৱস উদযাপন কৰা হয়। ভৰত কটোৱালক পতাকা উত্তোলন কৰাত সহযোগ কৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই।