newsnextone.com | নগাঁওঃ দেশপ্ৰেমী অলেখজনৰ মৰণপণ সংগ্ৰাম আৰু আত্মত্যাগৰ বিনিময়ত ইংৰাজৰ হাতৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টৰ এক শুভ ক্ষণত ঘূৰি আহিছিল দেশৰ স্বাধীনতা ৷ সেয়ে তেতিয়াৰ পৰা দেশবাসীয়ে প্ৰতিবছৰে এই চিৰস্মৰণীয় দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপিত কৰি আহিছে ৷ 

কিন্তু বিগত বহুকেইটা বছৰত উগ্ৰপন্থী সংগঠনৰ নেতিবাচক ভূমিকাৰ বাবেই ১৫ আগষ্টৰ তাৎপৰ্য আৰু ইয়াৰ প্ৰতি থকা ৰাইজৰ আৱেগ-অনুভূতি তথা উৎসাহ-উদ্দীপনা ৰাজ্যত ভালেখিনি হ্ৰাস পাইছিল ৷ কাৰণ ৰাজ্যত সিচঁৰিত হৈ থকা সৰু-বৰ উগ্ৰপন্থী সংগঠনসমূহে নিজৰ সাংগঠনিক স্থিতি তথা শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে এনে ধৰণৰ মহান দিনত নানা হিংসাত্মক কাৰ্য-কলাপ সংঘটিত কৰাৰ বিপৰীতে এই দিৱস বৰ্জনৰ আহ্বান জনাই ৰাইজৰ মাজত একপ্ৰকাৰে আতংকৰ চাপ বিয়পাই তোলে ৷ 

যাৰ পৰিণতিত চৰকাৰৰ কঠোৰ নিৰ্দ্দেশনা,আশ্বাস তথা নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাকো আওকাণ কৰি এই দিৱস পালনৰ পৰা অনিচ্ছাকৃতভাবে হ’লেও আঁতৰি থাকিবলৈ বাধ্য হয় সাধাৰণ জনতা তথা বিভিন্ন পক্ষ ৷ ইয়াৰ বিপৰীতে সাধাৰণ জনতাই গৃহ বন্দিত্বৰে পাৰ কৰে এনে মহত্বপূৰ্ণ দিনটো ৷ কিন্তু এইবাৰ নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা গ’ল ৷ 

কিয়নো,উগ্ৰপন্থী সংগঠনে কূটাঘাটমূলক কাৰ্য-কলাপ সংঘটিত কৰাৰ আশংকাত আৰক্ষী প্ৰশাসনে সৰ্বত্ৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা কাৰ্যই পূৰ্বৰ বছৰবোৰৰ দৰেই বিৰাজ কৰা চেপা উত্তেজনাময় পৰিস্থিতিকো সম্পূৰ্ণৰূপে আওকাণ কৰি নগঞা জনতাই বেছ উলহ-মালহেৰে এইবাৰ উদযাপন কৰে স্বাধীনত দিৱস ৷ জিলাখনৰ গ্ৰামাঞ্চলবোৰত থকা বিভিন্ন শিক্ষানুষ্ঠান,বেংক,ডাকঘৰ,ব্যৱসায়িক প্ৰতিষ্ঠান,চৰকাৰী কাৰ্যালয়ৰ লগতে চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানবোৰত আজি পুৱাৰ ভাগত আড়ম্বৰপূৰ্ণভাৱে পতাকা উত্তোলনকে ধৰি নানা কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয় ৷ 

যাৰ পৰিণতিত নগাঁৱৰ শিক্ষানুষ্ঠানবোৰত আজিৰ পৰা বহু বছৰৰ আগতে স্বাধীনতা দিৱস উপলক্ষে পুৱাৰে পৰা সৃষ্টি হোৱা ব্যস্ততাপূৰ্ণ মনোমোহা পৰিবেশৰ পুনৰাবৃত্তি হোৱা দেখা গ’ল ৷ 

পুৱাৰে পৰা স্কুলীয়া ইউনিফৰ্মত ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে নানা তৰহৰ ফুল লৈ বিদ্যালয়লৈ অহা আৰু নিৰ্দ্দিষ্ট সময়ত জাতীয় পতাকাৰ তলত গুৰু-শিষ্য সমবেত হৈ শ্ৰদ্ধা সহকাৰে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা তথা পৰবৰ্তী সময়ত সকলোয়ে একগোট হৈ আনন্দ-স্ফুৰ্তিৰে খেল-ধেমালীত মত্ত হোৱাৰ দৰে মনোৰম দৃশ্যাৱলীয়ে বহু বছৰ বিৰতিৰ পিছত এক সুকীয়া পৰিবেশৰ সূচনা কৰা দৃষ্টিগোচৰ হয় ৷