গুৱাহাটীঃ মহানগৰীত ইউনাইটেড ব্ৰাডাৰ্চ ক্লাবে পালন কৰে ৭১সংখ্যক স্বাধীনতা দিৱস। এক ব্যতিক্ৰমি প্ৰচেষ্টাৰে বিশেষভাৱে সক্ষম কণ কণ ল’ৰা-ছোৱালী সকলক উদ্গনি তথা মনোবল বঢ়োৱাৰ উদ্দেশ্য এই কাৰ্য্যসূচী পালন কৰে।

গুৱাহাটী নেহেৰু ষ্টেডিয়ামত পুৱা ৪-৩০ বজাত বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীৰ সকলৰ সৈতে পালন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে অভিনেত্ৰী অাশা বৰদলৈ, সাংবাদিক প্ৰণয় বৰদলৈ প্ৰমূখ্যে ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱৰ সদস্যসকল।