ডিজিটেল ডেস্কঃ ফেচবুকৰ লাখ লাখ ব্যৱহাৰকাৰীৰ ডাটা তৃতীয় পক্ষই নীতিবিৰুদ্ধে আহৰণ কৰা বিষয়টো ব্ৰিটিছ সংসদীয় তদন্ত সমিতিয়ে গুৰুত্ব সহকাৰে লৈছে৷ ব্ৰিটিছ সংসদীয় তদন্ত সমিতিয়ে ইতিমধ্যে ডাটা তৃতীয় পক্ষই নীতিবিৰুদ্ধে আহৰণ কৰা বিষয় সন্দৰ্ভত তদন্তৰ খাতিৰত মাতি পঠিয়াইছিল মাৰ্ক জুকাৰবাৰ্গক৷  

ব্ৰিটিছ সংসদীয় তদন্ত সমিতিৰ ওচৰলৈ ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গক হাজিৰ হ’বলৈ কোৱা হৈছে যদিও জুকাৰবাৰ্গে কোনোপধ্যেই হাজিৰ নোহোৱাৰ কথা স্পষ্ট কৰে। আনকি ভিডিঅ’ কলযোগেও প্ৰশ্নৰ উত্তৰ দিয়া প্ৰাস্তাৱলৈও সঁহাৰি নিদিলে জুকাৰবাৰ্গে। 

ৰাজনৈতিক গৱেষণাধৰ্মী কাম কৰা কেমব্ৰিজ এনালাইটিকাই ফেচবুকৰ ডাটা কোনো অনুমতি নোহোৱাকৈ এপচযোগে চুৰি কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে জুকাৰবাৰ্গৰ ফেচবুকৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উঠিব ধৰিছে। তেনে সময়তে বৃটেইনৰ সংসদৰ ডিজিটেল, কালচাৰ, মিডিয়া আৰু স্প’ৰ্টছ সমিতিয়ে জুকাৰবাৰ্গক সংসদলৈ অহাটো বিচাৰিছিল। 

কিন্তু জুকাৰবাৰ্গে নিজে যোৱাৰ পৰিৱৰ্তে ফেচবুকৰ মুখ্য প্ৰযুক্তি বিষয়া মাইক স্ক্ৰ’ফাৰ অথবা তেওঁৰ ঠাইত মুখ্য প্ৰডাক্ট বিষয়া খ্ৰিছ ক্ৰক্সক পঠিয়াব। এই কথা জানিব পাৰি সংসদে জুকাৰবাৰ্গক ভিডিঅ’ কলযোগে হ’লেও হাজিৰ হোৱাটো বিচাৰিছিল। কিন্তু ইয়াৰ উত্তৰত ফেচবুকৰ বৃটেইনস্থিত ৰাজহুৱা নীতি বিষয়ক মুৰব্বীগৰাকীয়ে কয় যে, বিষয়টো সন্দৰ্ভত জুকাৰবাৰ্গতকৈ স্ক্ৰ’ফাৰ অথবা কক্সেহে ভালদৰে উত্তৰ দিব পাৰিব।