newsnextone.com | মঙলদৈঃ দৰং জিলাৰ ছিপাঝাৰৰ সাতঘৰীয়াত এটা মাংগলিক অনুষ্ঠানৰ মাহ প্ৰসাদ খাই গাওঁখনৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়াল বিষক্ৰিয়াত আক্ৰান্ত হৈ পৰাৰ বাতৰিয়ে অঞ্চলটোক ভিতীগ্ৰস্ত কৰি তুলিছে৷ 

জানিব পৰা মতে, সাত ঘৰীয়া এটা পৰিয়ালে আয়োজন মাংগলিক অনুষ্ঠানৰ মাহ প্ৰসাদ খোৱাৰ পিছতে গাঁওখনত মুৰৰ বিষ, বমি আদি ৰোগে দেখা দিবলৈ ধৰে৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজ ভিতীগ্ৰস্ত হৈ পৰে৷ 

আনহাতে মাহ প্ৰসাদ খাই আক্ৰান্ত হোৱা ৬ জন লোকক সংকটজনক অৱস্থাত ছিপাঝাৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷ বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷