newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰৰ অময়াপুৰ-পশ্চিম কালাকুছিৰ একমাত্ৰ জলসিঞ্চন আঁচনি খন এতিয়া ঠিকাদাৰৰ বাবে ধনসিঞ্চনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ ঠিকাদাৰৰ সোণৰ কণি পৰা হাঁহত পৰিণত হোৱা জলসিঞ্চন আঁচনিটোৰ লাখ-লাখ টকা ব্যয় কৰাৰ পিছতো খেতিয়কৰ পথাৰত পানী দিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে, শেহতীয়াকৈ আঁচনিটোৱে খেতি পথাৰত পানী দিবলৈ সক্ষম হোৱা নাই যদিও ঠিকাদাৰে টকা লাভ কৰিছে৷

কৃষকক পথাৰত পানী দিব নোৱাৰিলেও বিষয়া-অভিযন্তা, ঠিকাদাৰে মিলি লুণ্ঠন অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। কৃষি পথাৰত পানী যোগানৰ বাবে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি আহিছে জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়ন কৰা আঁচনিৰ জৰিয়তে৷ 

চৰকাৰে ঠিকাদাৰৰ হতুৱাই আৱণ্টন দিয়া টকা সমূহ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবে কৃষকে পথাৰত পানী নোপাৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰকৃতাৰ্থত সেই টকা সৎ পথত ব্যৱহাৰ বোৱাৰ পৰিৱৰ্তে বক্ৰ পথেৰে আত্মসাৎ হোৱাৰ অভিযোগ উত্থাপন হয়৷

বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত অময়াপুৰ-পশ্চিম কালাকুছিৰ অঞ্চলৰ খেতিয়কে খেতি-পথাৰত পানী যোগানৰ বাবে একমাত্ৰ আঁচনিটো ১৯৮০ চনত স্থাপন কৰিছিল জলসিঞ্চন বিভাগে৷ কিন্তু মেৰামতিৰ অভাৱত আঁচনি খন জহি খহি ধ্বংস হ’ব ধৰা পৰিলক্ষিত হৈছে৷ দীৰ্ঘদিন ধৰি মেৰামতি নকৰাকৈয়ে থকা তথা কৃষকক খেতি পথাৰত পানী দিবলৈ সক্ষম নোহোৱা আঁচনি খন কংগ্ৰেছ চৰকাৰ দিনত ২০১০ চনত ২ কোটি টকা মেৰামতিৰ বাবে আৱণ্টন দিছিল৷

কিন্তু ২ কোটি টকা আৱণ্টন দিয়াৰ পিছতোঁ জলসিঞ্চন আঁচনি খন কাৰ্যক্ষম হোৱা নাই৷ অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ফলত জলসিঞ্চন আঁচনিখনৰ পৰা কৃষক ৰাইজে খেতি পথাৰত পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই। একমাত্ৰ জলসিঞ্চন আঁচনি হৈছে অময়াপুৰ-পশ্চিম কালাকুছি জলসিঞ্চন আঁচনি। এই আঁচনিটোৱে বৃহত্তৰ অঞ্চলটোত খেতিয়ক ৰাইজৰ সুবিধাৰ্থে ৰূপায়ন কৰা হৈছিল৷ পথাৰত পানী যোগানৰ বাবে কোটি কোটি ব্যয় কৰি চৰকাৰে কুৰি বছৰ পূৰ্বে আঁচনিটো ৰূপায়ন কৰিছিল। কেইবা হাজাৰ হেক্টৰ মাটিত পানী দিবলৈ সক্ষম হোৱা আঁচনিটো চৰকাৰৰ অৱহেলাৰ বাবে বন্ধ হৈ পৰে। 

কংগ্ৰেছৰ দিনত ২০১০-১১ বিত্তীয় বৰ্ষত আঁচনিটো মেৰামতিৰ বাবে চৰকাৰে প্ৰায় দুই কোটি টকা আৱণ্টন দিছিল। আঁচনিটো মেৰামতিৰ নামত অভিযন্তা ঠিকাদাৰে কোনোমতে কেনেলটো মেৰামতি কৰি দায়িত্ব সামৰে৷ কেৱল কেনেলটো মেৰামতি কৰি প্ৰকাণ্ড পাইপ সমূূহ সুৰক্ষা দিবলৈ কোনা ব্যৱস্থা নকৰি সম্পূৰ্ণ ধন আত্মসাত কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

বিভিন্ন সময়ত বিজেপি চৰকাৰে খেতিয়কসকলক উপকৃত কৰিব'লৈ বহু আঁচনি হাতত লোৱা বুলি দাবী কৰি আহিছে যদিও এনে বোৰ আঁচনি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। অময়াপুৰ-পশ্চিম কালাকুছি গাঁৱৰ খেতিয়ক ৰাইজে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক আঁচনি খন পুনৰ মেৰামতি কৰি খেতি-পথাৰত পানী যোগান ধৰাৰ বাবে দাবী জনায়।