জাগীৰোডঃ জাগীৰোডত বুধবাৰে উপস্থিত প্ৰদ্যুৎ বৰদলৈক বাইক ৰেলীৰে উষ্ম আদৰণি জনাই কংগ্ৰেছ কৰ্মীসকলে৷ লগতে উপস্থিত হয় ৰকিবুল হুছেইন৷

বিজেপি দল আৰু হিমন্ত বিশ্বক কঠোৰ ভাষাৰে সমালোচনা কৰে দুয়ো নেতাই৷ নগাওঁ সংসদীয় সমষ্টিটো কংগ্ৰেছৰ বাবে সদায় প্ৰত্যাহ্বান৷ কিন্তু সেই প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ সাজু, বুলি প্ৰদ্যুৎ বৰদলৈৱে কংগ্ৰেছক উদ্দ্যেশি কয়৷

আনহাতে, বৰ্তমানে চেটেলাইট সংবাদ মাধ্যমবোৰ ৰাজনীতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰি বিৰোধীৰ দলৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰিবলৈ লৈছে৷ যাৰ বাবে বিজেপিৰ এটা ব্যক্তিগত চেটেলাইট চেনেলে কংগ্ৰেছ দলক উদ্দেশ্য প্ৰনোদিতভাৱে আক্ৰমনৰ লক্ষ্য কৰি লৈছে বুলি বৰদলৈৱে নিজৰ মন্তব্য প্ৰকাশ কৰে৷  

আনহাতে, নগাঁও সমষ্টিত প্ৰাৰ্থী বিচাৰিবলৈ সক্ষম হোৱা নাই বিজেপিয়ে৷ যাৰ বাবে বিজেপি দলে প্ৰদ্যুৎ বৰদলৈৰ নাম শুনি সাঁত জাপ মাৰিছে বুলি ৰকিবুল হুছেইনে ৰাইজৰ আগত ঘোষণা কৰে৷