হোজাইঃ ৰাজনৈতিক নেতা, ব্যৱসায়ী বদৰুদ্দিন আজমল তনয় আব্দুৰ ৰহিম আজমলে দিল্লী নতুবা ডুবাইত থাকি হে ভাল পায়৷ আব্দুৰে যদিও অসমৰ এটি বিধানসভা সমষ্টিৰ বিধায়ক তথাপিও তেওৰ প্ৰিয় ঠাই দিল্লী নতুবা আৰৱ হে৷ পিতৃৰ ব্যৱসায় সাম্ৰাজ্যৰ পৰা ফালৰি কাটিবৰ সময় পালে কেতিয়াবা বদৰুদ্দিন আজমল তনয় আব্দুৰ ৰহিম আজমলে অসমলৈ আহে৷ বছৰত কেতিয়াবা সময় পালে তেও প্ৰতিনিধিত্ব কৰা সমষ্টিলৈও যায়৷

সমষ্টিত বেছি সময় অতিবাহিত নকৰে বিধায়ক আব্দুৰ ৰহিম আজমল ছাৰে৷ কাৰণ ব্যস্ত মানুহ তেওলোক৷ বাট-পথৰ অৱস্থা যোৱা ১৫-২০ বছৰত একেই আছে৷ বিশুদ্ধ কোৱাপানী নাই৷ শিক্ষা, স্বাস্থ্য খণ্ডৰ পৰিবেশো ২০-২৫ বছৰ পুৰ্বৰ দৰেই হৈ আছে৷ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সভাপতিৰ পুত্ৰ আব্দুৰ ৰহিম আজমলে যমুনামুখ সমষ্টিৰ উন্নয়ন কৰিব লাগে নে নাই সেয়াও নেজানে৷ এই মন্তব্য আমাৰ নহয়৷ এই মন্তব্য যমুনামুখ বিধানসভা সমষ্টিৰ ৰাইজৰ৷

ক্ষোভিত ৰাইজে আজমলে নিবিচাৰিলেও আমি উন্নয়ণ বিছাৰো বুলিও কয়৷ তাৰ মাজতে বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি-খহি যোৱা এটি পথ শুকুৰবাৰে যমুনামুখৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰে৷ জেচিবি ভাড়া কৰি আনি ৰাইজে পথটো মেৰামতি কৰিবলৈ বাধ্য হয়। যমুনামুখ সমষ্টিৰ মৌৰাজাৰ-কঁপাছবাৰী, কঁপাছবাৰী-কাকী গ্ৰাম্য পথটোত মাটি এচপৰা নপৰাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷ বাৰিষা শৰালি আহ-যাহ কৰিব নোৱাৰা পৰিবেশ পথটোত৷

পথটোৰে নিতৌ শ শ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীয়ে আহ-যাহ কৰে যদিও বিধায়ক আজমলে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷ এজাক বৰষুণতে হাতত ছেণ্ডেল লৈ খোজকাঢ়িব লগা হয় শ শ লোকে৷ পথটোৰে এম্বুলেঞ্চ আহ-যাহ কৰিব নোৱাৰাত অঞ্চলটোৰ কোনো লোকৰ বেমাৰ-আজাৰ হলে হাহাকাৰ কৰিব লগা হয়৷ ৰোগীক চাইকেলত নতুবা বাইকত বহুৱাই চিকিৎসালয়লৈ নিব লগা হয়৷ ইমানৰ পিছতো ৰাইজৰ আবেদনক গুৰুত্ব প্ৰদান নকৰিলে বিধায়ক আজমলে৷

সংখ্যালঘুৰ ক্ৰাণকৰ্ত্তা আজমল এণ্ড কোম্পানীয়ে কেৱল ভোটৰ স্বাৰ্থত তথা পৰিয়ালটোৰ লোকসকলে সাংসদ, বিধায়ক হোৱাৰ মানসেৰে কেৱল নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰলৈ আহে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সমষ্টিৰ ক্ষোভিত ৰাইজে৷ বিধায়ক আজমলে বেছি সময় ডুবাইত থাকে বুলিও অভিযোগ কৰে সমষ্টিৰ ৰাইজে৷ যাৰ বাবে যমুনাখত নাথাকে বিধায়ক জন।

ধৰ্মীয় মেৰুকৰণৰে যমুনামুখ সমষ্টিত ভোট ভিক্ষা কৰা আজমলৰ এণ্ড কোম্পানীৰ বিৰুদ্ধে খৰৱ হৈছে যমুনামুখ সমষ্টিৰ ৰাইজ। ৰাইজে বহুবাৰ বিধায়ক আজমলক আবেদন নিবেদন কৰি গাঁঠিৰ ধন খৰছ কৰি পথ নিৰ্মাণ কৰিব লগাত পৰাত ক্ষোভিত হৈ পৰাৰ লগত সমষ্টিটো চৌদিশৰ পৰা পিছ পৰি ৰোৱা বুলি কয় ৰাইজে। আজমলে নিৰ্বাচনৰ পুৰ্বে দিয়া প্ৰতিশ্ৰুতি দি পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে৷