newsnextone.com | ওদালগুৰিঃ ওদালগুৰিৰ বিশিষ্ট নাগৰিক, প্ৰাক্তন শিক্ষক, ওদালগুৰি সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰ নাথ বায়নৰ বুধবাৰে নিশা মৃত্যুক আকোৱালি লয়। দিছপুৰ হস্পিতালত চিকিৎসাধীন অৱস্থাত বায়নে বুধবাৰে নিশা ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। বায়নে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি তেওঁৰ কৰ্মময় জীৱনৰ পাতনি মেলিছিল। কিছুবছৰ নিজৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।  

ইয়াৰ পাছতোঁ ঘৰতে বহি নাথাকি ওদালগুৰিৰ সংগীত জগতখনক আগুৱাই নিয়াৰ চেষ্টা কৰি মৃত্যুৰ প্ৰাক-মুহূৰ্তলৈকে অব্যাহত ৰাখিছিল। ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ অলংকৃত কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থাকি বিষয়বাব অলংকৃত কৰিছিল। 

এজন সাংস্কৃতিক যোদ্ধা হিচাপে পৰিচিত ওদালগুৰিত সংগীত মহাবিদ্যালয় জন্ম দাতাগৰাকীয়ে মৃত্যু পৰ্যন্ত ওদালগুৰিৰ সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট অৰিহণা যোগায়। কিছুদিন পূৰ্বে নিগাজিকৈ গুৱাহাটীত পৰিয়ালসহ বসবাস কৰা বায়নৰ মৃত্যুৰ খবৰে ওদালগুৰিত গভীৰ শোকৰ ছাঁ পৰে। বিগত ২০১৫ চনৰ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই যতীন্দ্ৰ নাথ বায়নক ড০ ভুপেন হাজৰিকা বঁটা প্ৰদান কৰিছিল।

বায়ন বিটিচি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অনিমা বায়নৰ স্বামী। ওদালগুৰিৰ সাংস্কৃতিক যোদ্ধা বায়নৰ মৃত্যুত ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি অসমীয়া যুৱ মঞ্চ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতি, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগতে বিভিন্ন জনে শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।