newsnextone.com | কোকৰাঝাৰঃ বিটিচিৰ চেণ্ট্ৰেল চিলেকচন বৰ্ডৰ অধ্যক্ষ, বিপিএফৰ পলিচি মেকিং সমিতিৰ জ্যেষ্ঠ সদস্য তথা বিএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জয়ন্ত মহিলাৰীৰ (৬০) অকস্মাৎ মৃত্যুক আকোৱালি লোৱাত কোকৰাঝাৰৰ লগতে সমগ্ৰ বিটিএডি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

কোকৰাঝাৰস্থিত টেঙাপাৰাৰ ৫ নং ওৱাৰ্ডৰ নিজ বাসভৱনত দিনৰ ১ বজাত উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হোৱা জয়ন্ত মহিলাৰীয়ে মৃত্যুৰ পূৰ্বে পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় । 

মহিলাৰীৰ মৃত্যুৰ বাতৰি সদৰি হোৱাৰ পিছতে অসংখ্য লোকে টেঙাপাৰাৰ বাসভৱনত উপস্থিত হৈ তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে মৃতকক চেণ্ট্ৰেল চিলেকচন বৰ্ডৰ কাৰ্যালয় আৰু বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত শেষ শ্ৰদ্ধা নিৱেদন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য, বিপিএফৰ অজস্ৰ নেতা-কৰ্মীয়ে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷