newsnextone.com | টীয়কঃ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ  স্নাতক চতুৰ্থ  ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা শুক্ৰবাৰে টীয়কৰ দোলাখৰীয়া গাঁৱত এটি কৃষি তথ্য কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ দ্বীপ্তিকুমাৰ বৰা, সঞ্চালক ড০ দীপক কুমাৰ বৰা আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যোৰহাটৰ মুৰব্বী ড০ ৰূপম বৰগোঁহাইৰ লগতে অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু স্হানীয় ৰাইজ উপস্থিত থাকে।

কৃষি তথ্য কেন্দ্ৰটোৰ যোগেদি স্হানীয় কৃষকসকলৰ মাজত কৃষি বিজ্ঞানৰ ন ন তথ্য প্ৰযুক্তি তথা বৈজ্ঞানিক আৰ্হিসমূহ চিনাকি কৰি ইয়াৰ ব্যৱহাৰৰ বিষয়ে বুজাত সহায়ক হব বুলি কৃষি বিজ্ঞান কেন্দ্ৰৰ যোৰহাটৰ মুৰব্বী ড০ ৰূপম বৰগোঁহাইয়ে জানিবলৈ দিয়ে।