newsnextone.com| যোৰহাটঃ যোৰহাটৰ অন্যতম ব্যস্ত পথ ন-অালিৰ ৰে’লৱে উৰণীয়া সেঁতুৰ অাধাৰশিলা অহা ৩০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্থাপন কৰিব বুলি জানিব পৰা গৈছে। উত্তৰ-পূব বিশেষ অান্ত:গাঠনি উন্নয়ণ পৰিকল্পনা অাচঁনিৰ অধীনত মুঠ ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা সেতুখন তিনিলেনযুক্ত হ'ব। অাধাৰশিলা অনুষ্ঠানত ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ উপৰিও ড'নাৰ মন্ত্ৰালয়ৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থাকিব। উল্লেখ্য যে ন-অালি ৰেলৱে ক্ৰছিংত দেখা দিয়া অভাৱনীয় যান-যঁটৰ সমস্যা সমাধানৰ বাবে প্ৰায় দুই দশকজুৰি বিভিন্ন দল-সংগঠন, নাগৰিক সমাজে দাবী উত্থাপন কৰি অহা বিষয়টোক গুৰুত্বসহকাৰে লৈ সমাধান কৰাৰ সিদ্ধান্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷