newsnextone.com | ডিব্ৰুগড়ঃ মটক যুৱ ছাত্ৰ পৰিষদে ৰাজ্যত শেহতীয়াকৈ প্ৰতিবাদ কৰি অহা দল-সংগঠনক ধন্যবাদ যাচে৷ মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই বিজেপিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ ঘৰ ঘেৰাও কৰি জবাবদিহী কৰিবলৈ ৰাইজক আহ্বান জনায়৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সংগঠনটোন সভাপতিগৰাকীয়ে কয় যে ‘‘জাতীয় সংকটৰ সময়ত যিসকল সংগ্ৰামী নেতাই ৰাজপথৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ কৰিছে তেওঁলোকক মটক যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো৷’’

ইমানে নহয় বৰুৱাই আৰু কয় যে যিসকল মন্ত্ৰী-বিধায়কে অসমৰ জাতি, মাটি, ভেটিৰ কথা কৈ ৰাজ সিংহাখন দখল কৰিছিল তেওঁলোকৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত স্পষ্ট মত ল’ব লাগে আৰু তেওঁলোকে বিধেয়কৰ সপক্ষে নে বিপক্ষে সেই কথা জনাবলৈ দাবী জনাইছোঁ৷ 

যিসকলে বিদেশীক সমৰ্থ জনাই তেওঁলোকক অসমীয়াই জাতিদ্ৰোহী হিচাপে ঘোষণা কৰিব লাগে৷ যিসকলে জাতি মাটিৰ কথা কৈ অসম ৰাজইৰ প্ৰতিনিধি হিচাপে প্ৰতিষ্ঠিত হৈছিল তেওঁলোকক জনমানসত হেয় প্ৰতিপন্ন কৰিব লাগে৷ লোকসভাই হওক, ৰাজ্যসভাই হওক, বিধানসভাই হওক জন প্ৰতিনিধিসকলক বিদেশীৰ সৈতে বিতাড়ণ কৰিব লাগে৷