চাবুৱাঃ দেশৰ দীৰ্ঘতম দলং খন অসমীয়াৰ বাবে গৌৰৱ৷ কিয়নো এগৰাকী বিশ্ববিশ্ৰুত শিল্পীৰ নামত নামকৰণ হৈছিল দলং খন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰাৰ ৬মাহ সম্পূৰ্ণ হৈ গ’ল৷ ৯.১৫ কিঃমিঃ দৈৰ্ঘ্যৰ ধলা-শদিয়া দলং ভাৰতবৰ্ষৰ দীৰ্ঘতম দলঙখলে গৰকিলে ৬ মাহ৷ ২৫ মে’ত দেশৰ মোডীয়ে উদ্ধোধন কৰা ভাৰতবৰ্ষৰ ইতিহাসত সবাতোকৈ দীঘল দলংখনৰ নাম ঘোষনা কৰা হ’ল এজন খাটি অসমীয়া তথা হিয়াৰ আমঠুৰ নামেৰে৷ পিছে সেইজন অসমীয়াৰ নামটো দলং খনত আছেনে৷

ড০ ভূপেন হাজৰিকা সেতু বুলি ঘোষনাহে কৰা হ’ল, কিন্তু কাৰ্যতঃ ধলা-শদিয়া দলঙৰ ওপৰত আজিও নালাগিল ড০ ভূপেন হাজৰিকা সেতুৰ নামফলক কিম্বা ফটো৷ ড০ ভূপেন হাজৰিকা সেতুৱে ৬ মাহ সম্পূৰ্ণ কৰাৰ পাছতো কিয় লগা নাই নামফলক, ইয়াকে লৈ এতিয়া অসমীয়াৰ মনত প্ৰশ্নৰ উদয় হৈছে৷ ৰাজ্যৰ ২২ খন মহাবিদ্যালয়ৰ নামাকৰণ এজন অনা-অসমীয়াৰ নামেৰে কৰিবলৈ বিচৰা কথাটোক টিপ্পনী হিচাপে লৈ বহুতে ধলা-শদিয়া দলঙৰ নাম ড০ ভূপেন হাজৰিকা নাৰাখি দীনদয়াল উপাধ্যায় ৰখা হলে চৰকাৰে নিশ্চয় এতিয়ালৈকে নামফলকৰ লগতে প্ৰতিমূৰ্ত্তিও স্থাপন কৰিলেহেঁতেন বুলিও ক্ষোভ প্ৰকাশ কৰি হিছে বহু লোকে৷

কিয়নো ৰাজ্য চৰকাৰে জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ নামত নিৰ্মাণ কৰা মহাবিদ্যালয় কেই খনত উদ্ধোধনী কৰাৰ পুৰ্বে নাম ফলক ওলোমাই ৰাখিছিল বাবেই এই প্ৰশ্ন উত্থাপন হৈছে৷ শেহতীয়াকৈ চৰকাৰৰ এনে অমনোযোগী কাণ্ডত অতিষ্ঠ হৈ ধলা-শদিয়া দলঙৰ ওপৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ছবি আৰু নামফলক লগাবলৈ প্ৰস্তুত হৈছিল R K Welfare Society নামৰ এটা বেচৰকাৰী সংগঠন৷ শেহতীয়াকৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে উজনিৰ কেবাটাও দল-সংগঠন৷

সুধাকণ্ঠৰ নাম ফলক নলগোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই ক্ষোভ ব্যক্ত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ জনসাধাৰণক সুধাকণ্ঠৰ নামত দলংখন উচৰ্গা কৰাৰ পাছতো দলংখনত আজিলৈকে সুধাকণ্ঠৰ নাম নিচান কিয় নাই বুলি প্ৰশ্ন উত্থাপন কৰে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক একপ্ৰকাৰৰ অপমান কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতাজনে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনায়।