newsnextone৷ কাকপথাৰঃ যি সময়ত শিক্ষাক লৈ দেশজুৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি থকা হৈছে, সেই সময়তে অসমৰ শিক্ষা বিভাগৰ অদূৰদৰ্শিতা আৰু গাফিলতিৰ বাবেই পাঠ্যপুথি লাভৰ বৰা বঞ্চিত হৈছে উচ্চতৰ মাধ্যমিকৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। উচ্চতৰ মাধ্যমিকৰ পাঠদান পূৰ্ণগতিত চলি আছে যদিও শিক্ষাৰ্থী সকলে এতিয়ালৈকে কিন্তু ৰাজ্য চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি অনুসৰি পাঠ্যপুথি যোগান ধৰা নাই।

অন্যহাতে পাঠ্যপুথিসমূহ বজাৰতো উপলব্ধ নহয়। আনফালে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা, ২০১৯ বৰ্ষৰ প্ৰ-পত্ৰ পূৰণৰ কাম ০১ অক্টোবৰৰ পৰা আৰম্ভ কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে। প্ৰ-পত্ৰ পুৰণৰ সময় পৰ্যন্ত তিনিচুকীয়া জিলাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী সকলে  ভূগোল আৰু বুৰঞ্জীৰ পাঠ্যপুথি নোপোৱাত বিমোৰত পৰিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকলো। তিনিচুকীয়া জিলাৰ উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকলে অতি সোনকালে প্ৰতিশ্ৰুতি অনুসৰি বিনামূলীয়া পাঠ্যপুথি যোগান দিবলৈ শিক্ষা বিভাগক অনুৰোধ জনাইছে। উক্ত বিষয়টোৰ ওপৰত শিক্ষা বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।