কলিয়াবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানুহৰ জীৱন সম্পত্তি সুৰক্ষা দিয়াৰ নামত ভেঙুচালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ বিৰুদ্ধে৷ চৰকাৰে হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ ফলত প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণ গৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ 

ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে
নগাঁৱৰ কলিয়াবৰত বৃহস্পতিবাৰে পুৱাই বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু হয়৷ কলিয়াবৰৰ বিহদুবি গাঁৱৰ ৰাজু চৌহানৰ হাতীৰ আক্ৰমণত মৃত্যু হয়। 

পুৱা ৬ বজাত বিহদুবি গাঁৱৰ লোকজনে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে এটি হাতীৰ সৈতে মুখামুখী হোৱাত আক্ৰমণ কৰে লোকজনক। হাতীৰ আক্ৰমণত থিতাতে নিহত হয় ৰাজু চৌহানৰ। পুৱা শিলঘাটৰ বিহদুবি গাঁৱৰ মথাউৰিত হাতীটোৱে খেদি-খেদি আক্ৰমণ কৰে ৰাজুক।