newsnextone.com | মৰিগাঁওঃ কলিতা সাহিত্য সভা আৰু কলিতা সেনাই  কলিতা জনগোষ্ঠী সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰা দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ দ্বিতীয় খণ্ড (ভূগোল)ত কলিতা জনগোষ্ঠী সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰা বুলি কলিতা সাহিত্য সভা আৰু কলিতা সেনাই অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে।

পাঠ্যপুথি খনৰ ৭৬নং পৃষ্ঠাত উল্লেখ কৰা "সম্ভৱত, মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহা পিছত সিন্ধু-আৰ্যমূলৰ ভাষা কোৱা (Indo-Aryan) লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলত ক'কেছীয় জনগোষ্ঠীৰ লোক। প্রথমতে  স্থানীয় ৰজা বা শাসন কৰ্তাসকলৰ পৃষ্ঠপোষকতাত এই লোকসকল অসমলৈ আহিছিল যদিও পৰৱৰ্তীৰ কালত ব্রহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ  অথনৈতিক সম্পদ ৰাজিৰ প্ৰতি আকৰ্ষিত হৈ অসমলৈ আহিবলৈ ধৰে আৰু এই প্রব্রজন বৰ্তমান সময়তো অব্যাহত আছে। অসমত বৰ্তমান বসবাস কৰা সৰহসংখ্যাক অজনজাতীয় লোকেই ক'কেছীয় জনগোষ্ঠীৰ। ব্রাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত আদি জাতিৰ লোকসকল এই জনগোষ্ঠীৰ।" পাঠ্যপুথি খনত প্ৰকাশিত এনে তথ্য সহজ ভাৱে লব পৰা নাই কলিতা জনগোষ্ঠীৰ সংগঠনসমূহে।এয়া অপমানজনক বুলি কয়। 

পাঠ্যপুথি খনত প্ৰকাশ কৰা এই তথ্য বিভ্ৰান্তিকৰ বুলি দাবী কৰে সংগঠন দুটাই। কাৰণ প্ৰখ্যাত বুৰঞ্জীবিদ পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা অসম বুৰঞ্জীৰ চাৰি নং পৃষ্ঠাত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে বুলি কৈ কলিতা বিলাক অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী। অসমত কলিতা ৰজা আছিল নৰকাসুৰ, ভগদত্ত, বজ্ৰদত্ত প্ৰভূতি ৰজাসকলক কলিতাৰ আদি পুৰুষ বুলি ধৰা হৈছে।

 ৰাজমোহন নাথ দেৱৰ The Background of Assamese Culture নামৰ গ্ৰন্থত উল্লেখ কৰা অনুসৰি ২৪ জন নৰকৰ ভিতৰত প্ৰথম নৰকৰ সময় আছিল খীঃ পূঃ ২২০০ ৰ পৰা খীঃ পূঃ ২১৬৯। দ্বিতীয়ৰ পৰা তৃবিংশতিতম নৰকৰ সময় আছিল খীঃ পূঃ ২১৬৯ৰ পৰা খীঃ পূঃ ১৫০৯। শেষৰজন নৰকৰ সময় আছিল খীঃ পূঃ ১৫০৯ ৰ পৰা খীঃ পূঃ ১৪৪৯ আৰু তেঁওৰেই পুতেক আছিল ভগদত্ত। কৰ্ণেল ডেল্টনে লিখা গ্ৰন্থত কলিতা জনগোষ্ঠীক ব্ৰহ্মপুত্ৰ উপত্যকালৈ সৰ্বপ্ৰথম প্ৰব্ৰজন কৰা বুলি উল্লেখ কৰিছে। 

ইয়াৰ উপৰিও কলিতা জনগোষ্ঠী এই অঞ্চলৰ প্ৰাচীনতম আবাসী বুলি প্ৰমাণ কৰা আৰু বহুতো তথ্য পোৱা যায়। তথাপিও অসম চৰকাৰে এনেদৰে বিকৃতি তথ্য পাঠ্যপুথিত সন্নিবিষ্ট কৰি ছাত্ৰ-ছাত্ৰীসকলক ভূল তথ্য দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি কয়। এনে বিকৃত তথ্য আতৰাই পাঠ্যপুথিত প্ৰকৃত তথ্য সন্নিবিষ্ট কৰিবলৈ কলিতা সাহিত্য সভাৰ মুখ্য উপদেষ্টা বিজু সেনাপতি, সভাপতি গোপীৰাম ৰাজখোৱা, কলিতা সেনাৰ সভাপতি মৃদু কাশ্যপ আৰু সাধাৰণ সম্পাদক দিব্য জ্যোতি কলিতাই চৰকাৰক আহ্বান জনায়।