newsnextone.com |গোৰেশ্বৰ:ঐতিহাসিক কমতাপুৰ পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত ২৯ আৰু ৩০ আগষ্টত আহ্বান কৰা ৩৬ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত বাক্সা জিলাৰ গোৰেশ্বৰত বন্ধ সমৰ্থকে বুধবাৰে পুৱা প্ৰতিবাদ সাব্যস্ত কৰে।আক্ৰাছু , মহিলা সমিতি আৰু চিলাৰায় সেনাই আহ্বান জনোৱা এই বন্ধৰ সময়ত গোৰেশ্বৰৰ খৈৰাবাৰী পথত আক্ৰাছুৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।বন্ধ সমৰ্থকসকলে আক্ৰাছু জিন্দাবাদ, নো এচ টি,নো ৰেষ্ট, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰক আদি শ্লোগান দিয়ে।গোৰেশ্বৰ আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশী সকলক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে।যদিহে চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰি পৃথক কমতাপুৰ গঠন নকৰে তেতিয়ালৈ আক্ৰাছুকে ধৰি কোচ ৰাজবংশী সংগঠনসমূহে আন্দোলন চলাই নিব।বন্ধৰ সময়ছোৱাত গোৰেশ্বৰত দোকান-পোহাৰ, কাৰ্যালয়, যান বাহন আদিৰ চলাচল বন্ধ থাকে।ইপিনে সঘনাই আহ্বান কৰি অহা এনে বন্ধৰ কাৰ্যসূচীয়ে সাধাৰণ ৰাইজৰ স্বাভাবিক জনজীৱন ব্যাহত কৰাৰ লগতে অতিষ্ঠ কৰি তুলিছে।