newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

 ইয়াৰ লগতে কাৰ্বি অাংলং জিলাত NRCৰ পৰা ৯৮,১৯২ গৰাকী বাদ পৰে। অন্তৰ্ভূক্ত হৈছে  ৫,৮৬,৭১৩ (৮৫.৬৬)গৰাকী লোকৰ নাম ৷ সৰ্বমুঠ অাবেদনকাৰীৰ সংখ্যা আছিল ৬,৮৪,৯০৫ গৰাকী ৷ এনআৰচিৰ  প্ৰথম খচৰাত প্ৰকাশ পাইছিল ৫,৩১,১০১ (৭৭.৮৭)গৰাকীৰ  নাম ৷ দ্বিতীয় খচৰাত প্ৰকাশ হৈছে ১,৫৩,৮০৪ (২২.৪৬) গৰাকীৰ নাম ৷ জিলাখনত স্থাপন কৰা মুঠ ৪২ টা সেৱা কেন্দ্ৰৰ ভিতৰত ৫ টা সেৱা কেন্দ্ৰ স্পৰ্শকাতৰ ৷ 

ইয়াৰে ডিফুত ১টা, হাওঁৰাঘাট আৰু বোকাজানত অাছে ২টাকৈ স্পৰ্শকাতৰ সেৱা কেন্দ্ৰ ৷ কাৰ্বি অাংলং জিলা অাৰক্ষী প্ৰশাসন কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। বিশেষকৈ ছ'চিয়েল মিডিয়াত তীক্ষ্ন দৃষ্টি ৰাখিছে জিলা অাৰক্ষী প্ৰশাসনে ৷