ডিফুঃ আসন্ন কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলঙৰ প্ৰতিটো চুবুৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উবুৰি খাই পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতা।

এটুপি বিশুদ্ধ খোৱা পানী অভাৱ, বিজুলী চাকিৰ মুখ নেদেখা, উন্নত মানৰ শিক্ষানুষ্ঠানৰ অভাৱ, বাট-পথৰ সুবিধা নথকা এশ এবুৰি সমস্যাৰ মাজতো প্ৰলোভন, প্ৰতিশ্ৰুতিৰে গ্ৰাম্যাঞ্চলৰ সহজ-সৰল জনজাতীয় ৰাইজৰ মাজত ভোট ভিক্ষা মাগিবলৈ উপস্থিত হৈছে প্ৰাৰ্থী, নেতা আৰু পালিনেতা সকল৷  

বিৰোধী আৰু শাসক দলৰ হাই প্ৰফাইল নেতা সকলে পাহাৰীয়া জিলাখনত বাহৰ পাতি দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বোকা ছটিওৱা ৰাজনীতিত লিপ্ত হৈছে৷ তেনে ৰাজনীতিৰ অংশস্বৰূপে কোনোবাই যদিহে কৈছে বিজেপি বিজ্ঞাপনৰ দল তেনেহলে আন কোনোবাই আকৌ কংগ্ৰেছ পৰিয়াল কেন্দ্ৰিক আৰু এই দল এতিয়া অচল টকাৰ দৰে বুলি মন্তব্য প্ৰকাশ কৰিছে।

প্ৰচাৰ চলাবলৈ যোৱা অঞ্চল সমূহৰ বাট-পথ, শিক্ষা আৰু স্বাস্থ্য কেন্দ্ৰ, জন স্বাস্থ্য সেৱাৰ পঁয়ালগা স্বৰূপটোৰ কথা বাদ দি মাথো লেতেৰা ৰাজনীতিত ব্যস্ত হৈ পৰাত ভোটাৰসকল বিভ্ৰান্ত হৈ পৰিছে।

ভোটাৰ ৰাইজে সমস্যাবোৰৰ আন্তৰিকতাপূৰ্ণ সমাধান বিচাৰিছে যদিও ৰাজনৈতিক নেতা সকলে সমস্যাবোৰক ইচ্ছু হিচাপে ন’লৈ ভোটৰ অংকত ব্যস্থ হৈ পৰিছে। এনে এক পৰিৱেশৰ মাজত ভোটাৰ ৰাইজে পৰিবৰ্তন আৰু নতুনত্বৰ সন্ধানত ভোটদান কৰিবলৈ সাজু হৈ পৰিছে৷