newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ জয়নগৰ বিধানসভা সমষ্টিত সম্পন্ন হোৱা উপ-নিৰ্বাচনৰ ভোটদান পৰ্ব সোমবাৰে অব্যাহত আছে৷ বাংগালুৰুৰ গুৰুত্বপূৰ্ণ আসন খনত ভোটদান পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলি থাকিব৷  

উল্লেখ্য যে, বিজেপিৰ নেতা বিএন বিজয়কুমাৰৰ বিয়োগৰ পিছত এই আসনখন খালী হৈ আছিল আৰু শেষত নিৰ্বাচন আয়োগে সমষ্টিটোত উপ-নিৰ্বাচনৰ যোগেদি বিধায়ক নিৰ্বাচনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ গুৰুত্বপূৰ্ণ আসন খনত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত তুমুল যুদ্ধ চলিছে৷

সমষ্টিটোত বিজেপিয়ে বিএন বিজয়কুমাৰৰ ভাতৃ বিএন প্ৰহ্লাদক প্ৰাৰ্থীত্ব প্ৰদান কৰে৷ আনফালে কংগ্ৰেছে প্ৰাক্তন ৰাজ্য গৃহ মন্ত্ৰী ৰামলিংগাৰ কন্যা সৌম্যা ৰেড্ডীক প্ৰাৰ্থীত্ব প্ৰদান কৰে৷

ইয়াৰ পূৰ্বে জেডিএছে জয়নগৰ বিধানসভা সমষ্টিৰ পৰা নিজৰ দলৰ প্ৰাৰ্থীক উভটাই লয়৷ জেডিএছে মিত্ৰজোঁটৰ সহযোগী দল কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰে৷ জেডিএছ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এছডি দেৱগৌড়াই দলৰ প্ৰাৰ্থী কালেগৌড়াক নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ পৰা উভটাই অনাৰ বিষয়ে ঘোষণা কৰে৷ 

 উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন মে’ মাহৰ ১২ তাৰিখে সম্পন্ন হৈছিল৷ কিন্তু বিজেপি প্ৰাৰ্থী বিএন বিজয়কুমাৰৰ দেহাৱসানৰ বাবে বিজয়নগৰ সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হৈছিল৷