newsnextone.com ।। কাজিৰঙাঃ নগাঁও জিলাৰ জখলাবন্ধাৰ পৰা বোকাখাতৰ নুমলীগড়লৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ অহা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱশেষত ফ্লাইঅ’ভাৰ নির্মাণেৰ সপক্ষে ৰায়দান কৰিছে গ্রীন ট্রিবিউনেলে। উল্লেখ্য যে, উক্ত পথছোৱা সম্প্ৰসাৰণ ঘটনা অথবা ইয়াত ফ্লাইঅ’ভাৰ নির্মাণ কৰাৰ বিৰুদ্ধে বোকাখাতৰ যুৱক ৰোহিত চৌধুৰীয়ে গ্রীন ট্রিবিউনেলত এটা গোচৰ দিছিল।

২০১৩/১৭৪ নং আবেদনেৰ ভিত্তিত ট্রিবিউনেলে মেম’ নং ১৪২/২০১৪ গোচৰ পঞ্জীয়ন কৰি বিচাৰ প্রক্রিয়া আগবঢ়াই নিছিল। এই ক্ষেত্ৰত ৰোহিত চৌধুৰীৰ আবেদন নাকচ কৰি গ্রীন ট্রিবিউনেলে ভাৰত চৰকাৰক উদ্যানৰ কাষেৰে যোৱা পথছোৱাৰ বাবে ফ্লাইঅ’ভাৰৰ "ডিটেইল প্রজেক্ট ৰিপ’ৰ্ট’তিনি মাহৰ ভিতৰত প্রস্তুতৰ নির্দেশ দিয়ে।

ন্যায়ালয়ৰ এই নির্দেশ সন্তুষ্টি প্রকাশ কৰিছে গ্ৰেটাৰ কাজিৰঙা মানৱ সম্পদ আৰু সুৰক্ষা সমিতিয়ে। কিয়নো কাজিৰঙাৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা উত্তৰণ ঘটোৱাৰ দাবী বিভিন্ন সময়ত তুলি আহিছে সংগঠনটোৱে। সংগঠনটোৰ  সভাপতি মনীন্দ্রনাথ শৰ্মা সভাপতিত্বত বুধবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখন সভাত ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনায় সংগঠনটোৱে।